অসমবাসীৰ আস্থা আৰু বিশ্বাস থকাৰ বাবেই অসমবাসীয়ে বিজেপি চৰকাৰখনক পুনৰ সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিছে ৷
কিন্তু একাংশ উদণ্ড লেকামহীন বিজেপি কৰ্মীয়ে বাৰে বাৰে বিজেপিৰ ওপৰত কালিমা সানি বিজেপি দলটোক লজ্জিত কৰাৰ প্ৰয়াস কৰি আছে ৷
এইসকল কৰ্মীক বিজেপিয়ে নাকী লগাব নোৱাৰাৰ বাবে আজিও একাংশ বিজেপি কৰ্মীয়ে গুণ্ডামি, ভাবুকি আদিৰে জনসাধাৰণৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে ৷
হোজাইৰ শংকৰদেৱনগৰত সংঘটিত হৈছে এই ঘটনা ৷
প্ৰহাৰৰ ভিডিঅ’-
ভোটগণনাৰ দিনাই হোজাইৰ শংকৰদেৱ নগৰত পুনৰ দেখিবলৈ পোৱা গ’ল একাংশ বিজেপি কৰ্মীৰ গুণ্ডাগিৰি ৷
শংকৰদেৱ নগৰত কৰ্তব্যৰত সাংবাদিকক খেদি খেদি প্ৰহাৰ কৰিলে বিজেপি দলৰ পালি নেতা সুজিত উপাধ্যায়ে ৷
ভুক্তভোগী সাংবাদিকঃ
প্ৰহাৰ কৰিয়েই পলায়ন লামডিং বিজেপিৰ কৰ্মীজনে ৷
আৰক্ষীৰ সন্মুখতে সংঘটিত হৈছিল এই ঘটনা। কিন্তু মৌনতা অৱলম্বন কৰিলে স্বয়ং আৰক্ষীয়ে ৷
উল্লেখ্য আৰক্ষীয়ে প্ৰাৰ্থীৰ সমৰ্থকসকলক উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা আঁতৰি যাবলৈ কৈ থকা অৱস্থাত ভিডিঅ’ কৰাৰ বাবে লামডিঙৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ টিভি চেনেলৰ সাংবাদিকজনক প্ৰহাৰ কৰিলে এই গুণ্ডাৰূপী সুজিত উপাধ্যায়ে।
জানিব পৰা অনুসৰি সুজিত উপাধ্যায় নামৰ কৰ্মীজনে পূৰ্বতে কংগ্ৰেছ দলৰ দালালি কৰিছিল কিন্তু এতিয়া লামডিঙত বিজেপি অহাৰ পিছত হৈ পৰিল বিজেপিৰ দালাল।
Photo: Headline8
Input: Biswajit Chakrabraty