ভাৰত চৰকাৰে বিভিন্ন স্তৰৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰ সমূহৰ আন্তঃগাঠনি আৰু স্বাস্থ্য কেন্দ্ৰত আগবঢ়োৱা সেৱাৰ গুণগত মান মূল্যায়ণৰ বাবে ২০১৩ চনত এক নীতি গ্ৰহণ কৰিছিল। এই অনুসৰি স্বাস্থ্য বিভাগত ভাৰত চৰকাৰৰ স্বাস্থ্যবিভাগৰ এটি দলে (NQAS Assesors Team) স্বাস্থ্যকেন্দ্ৰসমূহ পৰিদৰ্শন কৰে আৰু ভাৰত চৰকাৰৰ স্বাস্থ্যবিভাগে ঠিক কৰা নীতি অনুসৰি বিভিন্ন স্তৰৰ স্বাস্থ্যকেন্দ্ৰ সমূহত থাকিব লগা আন্তঃগাঠনি আৰু আগবঢ়োৱা সেৱাৰ গুণগত মান পৰ্যবেক্ষণ কৰি মূল্যায়ণ কৰে৷ যদি কোনো এটি স্বাস্থ্যকেন্দ্ৰই নীতি অনুসৰি পৰিদৰ্শন কৰা দলটোৰ পৰ্যবেক্ষণত নিম্নতম ৭০% নম্বৰ লাভ কৰে তেন্তে সেই স্বাস্থ্যকেন্দ্ৰটোক ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰাপ্ত স্বাস্থ্যকেন্দ্ৰ হিচাপে আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰে৷
এই অনুসৰি যোৱা ১৪ অক্টোবৰত ভাৰত চৰকাৰৰ স্বাস্থ্যবিভাগৰ এটি দলে আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সানপাৰা উপস্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শন কৰি মূল্যায়ণ কৰে৷ অলপতে ভাৰত চৰকাৰৰ স্বাস্থ্যবিভাগে প্ৰকাশ কৰা এক জাননী অনুসৰি সানপাৰা স্বাস্থ্য কেন্দ্ৰটোক ৰাষ্ট্ৰীয় গুণগত মানদণ্ডৰ স্বাস্থ্য কেন্দ্ৰ (NQAS Certification) হিছাপে স্বীকৃতি প্ৰদান কৰে৷ সানপাৰা উপস্বাস্থ্য কেন্দ্ৰৰ সামূহিক স্বাস্থ্য বিষয়া পবিত্ৰ শইকীয়াই এইক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে স্বাস্থ্যকেন্দ্ৰটোৰ সকলো কৰ্মচাৰী, ব্লকৰ সমূহ বিষয়া কৰ্মচাৰী, জিলা বিষয়া সকলক ধন্যবাদ জ্ঞাপন কৰে আৰু ভৱিষ্যতেও এই স্বাস্থ্যকেন্দ্ৰটোৱে গুণগত স্বাস্থ্যসেৱা আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে ৷