গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৪ মাৰ্চৰ পৰা ৬ দিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় সুৰক্ষা দিৱসৰ শুভাৰম্ভ কৰা হয়৷ পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত উৎপল বৰুৱাই কয় যে “প্ৰতিটো অনুষ্ঠান – প্ৰতিষ্ঠানৰ আধাৰ হৈছে সেই প্ৰতিষ্ঠানটোৰ নিৰ্মাণ কাৰ্য্যত নিয়োগ থকা কৰ্মচাৰীসকল৷ তেনেস্থলত কৰ্মচাৰীসকলৰ সুৰক্ষা সেই প্ৰতিষ্ঠানৰ এক প্ৰধান দায়িত্ব৷ আমি নতুন বিমানবন্দৰটোৰ নিৰ্মাণৰ আৰম্ভণিৰে পৰাই কৰ্মচাৰীসকলে যাতে নিৰাপদভাৱে সম্পূৰ্ণ সুৰক্ষা বেষ্টনীত থাকি কাম কৰিব পাৰে, তাৰ ওপৰত দৃষ্টি ৰাখি আহিছো৷ ৰাষ্ট্ৰীয় সুৰক্ষা দিৱসত আমি পণ লৈছো যে কৰ্মচাৰীসকল যেন বিপদমুক্ত হৈ ইয়াত কাম কৰিব পাৰে আৰু তাৰ বাবে সুৰক্ষা সমন্ধীয় সজাগতা বৃদ্ধিৰ বাবে প্ৰায় ৬ দিনীয়া কাৰ্যসূচীৰে এই দিৱস পালন কৰাৰ সিদ্ধান্ত লৈছো৷ উল্লেখযোগ্য শতাধিক কৰ্মচাৰী উপস্থিত থকা অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়াই নতুন বিমানবন্দৰৰ মুখ্য প্ৰকল্প বিষয়া এছ জয়চোৱালে।
উল্লেখ্য যে ৪ মাৰ্চৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় সুৰক্ষা দিৱসৰ কাৰ্যসূচীত কৌশলযুক্ত সুৰক্ষাৰ সজাগতা বৃদ্ধিৰ বাবে উচ্চ মান বিশিষ্ট প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ তেনেদৰে মকড্ৰিল আৰু ভিডিঅ ফ্লিমৰ যোগেদি সুৰক্ষা সমন্ধীয় বাৰ্তা দিয়াৰো ব্যৱস্থা লোৱা হৈছে৷ তাৰোপৰি কৰ্মচাৰীসকলৰ আমোদ- প্ৰমোদৰ বাবে মনোৰঞ্জনমূলক কাৰ্যসূচীৰো ব্যবস্থা কৰা হৈছে৷