উত্তৰাখণ্ডত দেওবাৰে হোৱা জলপ্ৰলয়ত এতিয়ালৈকে মৃত্যুৰ সংখ্যা বৃদ্ধি হৈ ২৬গৰাকী হ’লগৈ ৷
উত্তৰাখণ্ডৰ প্ৰশাসনে এতিয়ালৈ ২৬টা মৃতদেহ উদ্ধাৰ কৰাৰ কথা সদৰি কৰিছে ৷
আনহাতে বৰ্তমানেও ২০০ৰো লোক এতিয়াও সন্ধানহীন হৈ আছে।উল্লেখ্য, NTPC প্ৰকল্পত আৱদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰৰ বাবে এতিয়াও অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে।
উদ্ধাৰকাৰী দলটোৱে জনোৱা অনুসৰি প্ৰকল্পটোত এতিয়াও ৩৭গৰাকী শ্ৰমিক আৱদ্ধ হৈ আছে ৷
উল্লেখযোগ্য যে উদ্ধাৰকাৰী দলেয়ে সোমবাৰৰ নিশাৰে পৰা তেওঁলোকক উদ্ধাৰৰ বাবে অভিযান চলাই আছে