• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটীৰ এন চি চিৰ বায়ু শাখাৰ কেডেট নেপো মৈৰাংথেম বায়ু সেনাৰ ফ্লায়িং অফিচাৰ পদলৈ নিৰ্বাচিত

নিউজ ডেস্ক by নিউজ ডেস্ক
September 25, 2021
in News, অসম, উত্তৰ পূৰ্বাঞ্চল, গুৱাহাটী, সংবাদ
0
গুৱাহাটীৰ এন চি চিৰ বায়ু শাখাৰ কেডেট নেপো মৈৰাংথেম বায়ু সেনাৰ ফ্লায়িং অফিচাৰ পদলৈ নিৰ্বাচিত
Share on FacebookShare on Twitter

ৰাষ্ট্রীয় শিক্ষাৰ্থী বাহিনীৰ বায়ু শাখাৰ গুৱাহাটী বিশ্ববিদ্যালয়স্থিত ৫০ আসাম এয়াৰ স্কোৱাদ্ৰোণ এন চি চি ইউনিটৰ কেডেট আৰু কটন বিশ্ববিদ্যালয়ৰ পৰা এইবেলি ভূগোল বিজ্ঞান বিষয়ত মেজৰসহ সুখ্যাতিৰে স্নাতক ডিগ্ৰী উত্তীৰ্ণ হোৱা ছাত্ৰ নেপো মৈৰাংথেম ছাৰ্ভিছ ছিলেকচন বৰ্ডৰ দ্বাৰা আয়োজিত পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় বায়ু সেনাৰ সন্মানীয় ফ্লায়িং অফিচাৰ পদৰ বাবে নিৰ্বাচিত হৈছে। তেওঁ এই পদৰ বাবে নিৰ্বাচিত হোৱা বাবে এন চি চি ইউনিটৰ সকলোৱে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে। আনকি ২২ ছেপ্টেম্বৰত ইউনিটৰ কমাণ্ডিং অফিচাৰ গ্রুপ কেপ্তেইন ৰবীন বিষ্ণৱে নেপোক ইউনিটলৈ বিৰল গৌৰৱ কঢ়িয়াই অনা বাবে সম্বৰ্ধনা জনায়। উল্লেখ্য় যে, বৰ্তমান গুৱাহাটীৰ উজানবজাৰ নিবাসী নেপোৰ প্ৰকৃত ঘৰ হল মণিপুৰৰ পূব ইম্ফল জিলাৰ এখন ভিতৰুৱা অঞ্চলত। মণিপুৰ সৈনিক স্কুলৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ ২০১৮ চনত কটন বিশ্ববিদ্যালয়ত স্নাতক পাঠ্যক্ৰমত নাম ভৰ্ত্তি কৰাৰ সমান্তৰালভাৱে ৫০ আসাম এয়াৰ স্কোৱাদ্ৰোণ এন চি চি ইউনিটত কেডেট হিচাপে নাম ভৰ্ত্তি কৰে। ইয়াৰ মাজতে তেওঁ সৰ্বভাৰতীয় বায়ু সৈনিক শিবিৰত উত্তৰ পূব মণ্ডলক প্ৰতিনিধিত্ব কৰি শ্ৰেষ্ঠ এৰোমডেলাৰৰ সন্মান আৰু বায়ু সেনাৰ শ্বিলংস্থিত ইষ্টাৰ্ণ কমাণ্ডৰ উদ্যোগত এ এল জিত আয়োজিত এয়াৰ ফেষ্টিফেলত এৰো মডেলিঙত ভাগ লৈ ইউনিটলৈ গৌৰৱ কঢ়িয়াই আনিছিল। মণিপুৰৰ এখন চৰকাৰী চিকিৎসালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী এম নৰিন্দৰ সিং আৰু এম ইন্দুবালা সিঙৰ পুত্ৰ নেপোৱে অহা বছৰৰ আৰম্ভণিতে তেলেংগানাৰ দণ্ডিয়ালত থকা ভাৰতীয় বায়ু সেনাৰ একাডেমীত ফ্লায়িং অফিচাৰ হিচাপে উৰণ প্ৰশিক্ষণ পাঠ্যক্ৰমত ভাগ লব। আনহাতে এন চি চিৰ কেডেট হিচাপে তেওঁ সন্মানীয় ফ্লায়িং অফিচাৰ পদৰ বাবে নিৰ্বাচিত হৈ বাহিনীটোলৈ গৌৰৱ কঢ়িয়াই অনা বাবে এন চি চিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল ভাস্কৰ কলিতা আৰু গুৱাহাটী গ্রুপৰ গ্রুপ কমাণ্ডাৰ ব্ৰিগেদিয়াৰ যোগেশ চন্দ্ৰ তালুকদাৰে নেপোক শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।

Tags: Guwahati Universityindian air forzNCC
Previous Post

ক্ষীপ্ৰ গতিত চলি আছে দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্য

Next Post

বেদখলকাৰীৰে ভৰি পৰিছে দিশপুৰ সমষ্টি,শীঘ্ৰে ব্যৱস্থা লোৱাৰ বাবে প্ৰশাসনক আহ্বান

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
বেদখলকাৰীৰে ভৰি পৰিছে দিশপুৰ সমষ্টি,শীঘ্ৰে ব্যৱস্থা লোৱাৰ বাবে প্ৰশাসনক আহ্বান

বেদখলকাৰীৰে ভৰি পৰিছে দিশপুৰ সমষ্টি,শীঘ্ৰে ব্যৱস্থা লোৱাৰ বাবে প্ৰশাসনক আহ্বান

অখিল গগৈৰ সংগ ত্যাগ ৭০ জাতীয় সংগঠনৰ

অখিল গগৈৰ সংগ ত্যাগ ৭০ জাতীয় সংগঠনৰ

পি এফ আইৰ কাম-কাজে অসমৰ প্রতি আনিছে ভাবুকি

পি এফ আইৰ কাম-কাজে অসমৰ প্রতি আনিছে ভাবুকি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8