মহানগৰীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হোৱা ৰঙালী উৎসৱৰ লগত সংগতি ৰাখি অলপতে কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (DDMA)উদ্যোগত অনুষ্ঠিত হয় ভূমিকম্প আৰু অগ্নিকাণ্ডৰ দৰে ঘটনা সংঘটিত হলে আক্ৰান্ত লোকক উদ্ধাৰ কৰা বিষয়ক এক যৌথ আখৰা সম্পন্ন হয়। যৌথ আখৰাত গুৱাহাটীৰ আজাৰা পাটগাঁওস্থিত প্ৰথম ৰাষ্ট্রীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (NDRF)পৰিদৰ্শক এম কে মৌৰ্যৰ নেতৃত্বত ৪ জন বিষয়া, ২৫ জন উদ্ধাৰকাৰীসহ ৩০ জনে ভাগ লয়।
NDRFৰ দলটোৱে ভূমিকম্প আৰু অগ্নিকাণ্ডৰ দৰে ঘটনা সংঘটিত হলে আক্ৰান্ত লোকক নিৰাপদে উদ্ধাৰ কৰা, প্ৰাথমিক চিকিৎসা প্ৰদান, বেছিকৈ আক্ৰান্ত লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা, উদ্ধাৰকাৰী দলসমূহৰ মাজত সমন্বয় স্থাপন আদিৰ কলা – কৌশলসমূহ প্ৰদৰ্শন কৰে।
আনহাতে আখৰাত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী, উপ মুখ্য কাৰ্যবাহী বিষয়া চিন্ময় নাথ, উপ নিয়ন্ত্ৰক অনন্ত শৰ্মা, প্ৰকল্প প্ৰবন্ধক মিৰ্জা মহম্মদ ইৰচাদ, বিশেষজ্ঞ বীৰেন বৈশ্য উপস্থিত থাকি পৰ্যবেক্ষণ কৰে। আনহাতে যৌথ আখৰাত মুঠ ৭৫ জন উদ্ধাৰকাৰীয়ে ভাগ লয়।