শুকুৰবাৰে নিশা অহা ভূমিকম্পত পুনৰ ধ্বংসলীলা চলিল চুবুৰীয়া নেপালত। ৰিখটাৰ স্কেলত ৬.৪ তীব্ৰতাৰ এই ভূমিকম্পৰ প্ৰভাৱ পৰিল ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী পৰ্যন্ত। প্ৰায় ৪০ ছেকেণ্ড ধৰি অব্যাহত থকা এই ভূমিকম্পৰ ফলত শ শ বাসগৃহকে ধৰি অন্যান্য প্ৰতিষ্ঠানৰ গৃহ ধ্বংস হৈছে। ফলত ৭০ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে। ভূমিকম্প আৰু ইয়াৰ পাছত হোৱা জোকাৰণিত ক্ষয় ক্ষতিৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে।
এই ভূমিকম্পই সকলোৰে মনত ২০১৫ ৰ ২৫ এপ্ৰিলত অহা ভূমিকম্পৰ স্মৃতি সজীৱ কৰি তুলিছে। য’ত ৯০০০ লৈ লোকৰ মৃত্যু হৈছিল। ইয়াৰোপৰি আহত হৈছিল ২২ হাজাৰতকৈ অধিক লোক। গৃহহীন হৈছিল ৩৫ লাখৰো অধিক লোক।
ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞানৰ অনুসৰি শুকুৰবাৰৰ নিশা ১১ বাজি ৩২ মিনিটত অহা এই ভূমিকম্পৰ উৎপত্তিস্থল আছিল নেপালৰ অযোধ্যাৰ পৰা ২২৭ কিলোমিটাৰ উত্তৰ দিশে আৰু কাঠামাণ্ডুৰ পৰা ৩৩১ কিলোমিটাৰ পশ্চিম, উত্তৰ পশ্চিম দিশে ভূগৰ্ভৰ পৰা ১০ কিলোমিটাৰ তলত।
ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীতো অনুভৱ হোৱা এই ভূমিকম্পৰ ফলত লোকসকল বাসগৃহ এৰি মুকলি স্থানলৈ ওলাই অহা বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি উত্তৰ প্ৰদেশ, লক্ষ্ণৌ, ফিৰোজাবাদ, আমেঠি, প্ৰতাপগড়, গৌৰখপুৰকে ধৰি বিভিন্ন স্থানত কম্পন অনুভৱ হয়।