কোকৰাঝাৰ জিলাৰ আৰক্ষীয়ে পুনৰ সোমবাৰে উদ্ধাৰ কৰিছে গুলী-বাৰুদসহ বৃহৎ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ।
আৰক্ষীয়ে জনোৱা মতে সোমবাৰে নিশা প্ৰায় ১০ বজাত কোকৰাঝাৰ জিলাৰ বেলগুৰিৰ এক প্ৰত্যন্ত অঞ্চলৰ অৰণ্যৰ মাজত মাটিত পুঁতি থোৱা অৱস্থাৰ পৰা উক্ত মাৰণস্ত্ৰসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাত বহু দিনৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে বিভিন্ন অঞ্চলত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান চলাই আহিছে ৷
এই ক্ষেত্ৰত আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ছোৱাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
ইয়াৰ পূৰ্বে কোকৰাঝাৰ আৰক্ষীয়ে ৮টা মেগজিন, ৫টা এ.কে-৪৭-ৰাইফল, এটা এইছ কে ৩৩ ই ৰাইফল, এটা ইউ বি জি এল, ৮টা চীনত নিৰ্মিত গ্ৰেনেড আৰু ৩০০টা এ.কে ৫৬-ৰ সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।
লগতে আৰক্ষীয়ে এই অস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত ৬জন লোকক আটক কৰি এতিয়াও তদন্ত অব্যাহত ৰাখিছে।
অভিযানকালত কোকৰাঝাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে-
১. এটা একে ৫৬ ৰাইফল,
২. এটা একে ৫৬ মেগজিন,
৩. এটা ৭.৬৫ এমএম পিষ্টল,
৪. এটা ৯.৬৫ এমএম পিষ্টলৰ মেগজিন আৰু
৫. ২৯ ৰাউণ্ড একে চিৰিজৰ সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।