বিধানসভা নিৰ্বাচন সমাগত।
নিৰ্বাচনৰ পূৰ্বে ব্যাপক সালসলনি কৰা হৈছে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত।
ৰাজ্য চৰকাৰে নিৰ্দেশনা অনুসৰি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়স্থিত লামহাউ দৌংগেলক পুলিচ কমিচনাৰেট গুৱাহাটীৰ এডিডিএল ডিচিপি অৰ্থাৎ (অপৰাধ)শাখাৰ দায়িত্ব দিয়া হৈছে।
পুলিচ কমিচনাৰেট গুৱাহাটীৰ এডিডিএল ডিচিপি (সীমান্ত) অমৰ চৌধুৰীক দিয়া হৈছে শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব।
আনহাতে শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাত্তক পুলিচ কমিচনাৰেট গুৱাহাটীৰ এডিডিএল ডিচিপি (পশ্চিম)-ৰ দায়িত্বভাৰ প্ৰদান কৰা হৈছে।
শিৱসাগৰ লিগিৰীপুখুৰীৰ 25th AP(ONGC)Bn.ৰ 2 I/C বিতুল চেতিয়াক ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ)হিচাপে বদলি কৰা হৈছে৷
সেইদৰে অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ আছিফ আহমেদক কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ)ৰ দায়িত্ব দিয়াৰ বিপৰীতে কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াক পুলিচ কমিচনাৰেট গুৱাহাটীৰ এডিডিএল ডিচিপি (ADMN.)ৰ দায়িত্ব প্ৰদান কৰা হৈছে।
পুলিচ কমিচনাৰেট গুৱাহাটীৰ এডিডিএল ডিচিপি (ADMN)-ৰ প্ৰাণজিৎ দুৱৰাক কামৰূপ জিলাৰ মান্দাকাটাস্থিত বেটালিয়নৰ ডেপুটি কামাণ্ডেন্টৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(HQ) হিচাপে বদলি কৰা হৈছে যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালক৷ তাৰ বিপৰীতে কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাক ডিমা হাছাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰূপে বদলি কৰা হৈছে।
ডিমা হাছাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানবেন্দ্ৰ গগৈক যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব অৰ্পণ।
ইফালে, পুলিচ কমিচনাৰেট গুৱাহাটীৰ এডিডিএল ডিচিপি (যান-বাহন) মৃন্ময় গোস্বামীক যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(HQ)ৰ দায়িত্ব প্ৰদান কৰা হৈছে।
কাহিলিপাৰাৰ 4th APBnৰ 2 I/C মাধুৰিমা দাসক পুলিচ কমিচনাৰেট গুৱাহাটীৰ এডিডিএল ডিচিপি (traffic)ৰ দায়িত্ব।
পুলিচ কমিচনাৰেট গুৱাহাটীৰ এডিডিএল ডিচিপি (পশ্চিম) সুপ্ৰতিভ লাল বৰুৱাক কাহিলিপাৰাস্থিত 10th APBnৰ 2 I/C হিচাপে বদলি কৰা হৈছে।
মান্দাকাটাস্থিত কামাণ্ডো বেটালিয়নৰ ডেপুটি কামাণ্ডেন্ট বিবেকানন্দ দাসক পুলিচ কমিচনাৰেট গুৱাহাটীৰ এডিডিএল ডিচিপি (পূব)-ৰ দায়িত্বভাৰ প্ৰদান কৰা হৈছে।
বৰপেটা হাওলীৰ 4th APTF Bn.ৰ 2 i/c আৰিফ আহমেদক শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্বলৈ বদলি কৰা হৈছে৷
বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আব্দুছ ছামাদ হুচেইনক হাওলীৰ 4th APTF Bn.ৰ 2 i/c ৰ দায়িত্ব।
কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৌৰভ কুমাৰ আগৰৱালাক বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব প্ৰদান কৰা হৈছে।
ডিব্ৰুগড়ৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিত্য ৰঞ্জন চুতীয়াক তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(নিৰাপত্তা)হিচাপে বদলি কৰা হৈছে৷
শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাক নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব৷
আনহাতে শিলচৰস্থিত অসম বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ SSP(সীমান্ত) ফৈজ আহমেদ বৰভূঞাক কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰূপে বদলি কৰা হৈছে।
কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰশান্ত দত্তক শিলচৰস্থিত অসম বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ SSP(সীমান্ত)ৰ দায়িত্ব প্ৰদান।
তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডেভিদ নিঙাইটেক ডিব্ৰুগড়ৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(নিৰাপত্তা)হিচাপে বদলি কৰা হৈছে।
দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱী মজুমদাৰক মৰিগাঁৱৰ 16th AP(IR)Bn. ৰ 2 i/c ৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে।