পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি তুংগত।
পশ্চিমবংগত TMCক প্ৰত্যাহ্বান জনোৱা বিজেপি দলৰ ওপৰত ভাঙি পৰিছে সৰগ।
বিজেপিৰ যুৱা মৰ্চাৰ নেতা পামেলা গোস্বামীক নিষিদ্ধ নিচাযুক্ত দ্ৰব্যৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে।
১০০ গ্ৰাম কোকেইনৰ সৈতে হৈছে গ্ৰেপ্তাৰ
দৰাচলতে পশ্চিমবংগৰ ৰাজধানী কলকাতাত বিজেপি যুৱা মৰ্চাৰ পৰ্যবেক্ষক আৰু হুগলী জিলাৰ মহাসচিব পামেলা গোস্বামীক ১০০ গ্ৰাম কোকেইনৰ সৈতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
পামেলাৰ সৈতে তেওঁৰ বন্ধু প্ৰবীৰ কুমাৰ দেকো গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীয়ে জনোৱা অনুসৰি শুকুৰবাৰে আলীপুৰ এলেকাৰ এনআৰ এভিনিউৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।
যিটো সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল, সেই সময়ত তেওঁৰ গাড়ীত চলোৱা তালাচীৰ সময়ত ১০০ গ্ৰাম কোকেইন উদ্ধাৰ কৰা হয়।
পামেলাৰ সৈতে সেই সময়ত তেওঁৰ বন্ধু প্ৰবীৰ কুমাৰ দেও উপস্থিত আছিল।
আৰক্ষীয়ে জনোৱা অনুসৰি পামেলাৰ গ্ৰেপ্তাৰৰ সময়ত তেওঁৰ সৈতে কেন্দ্ৰীয় সুৰক্ষাবলৰ জোৱানো উপস্থিত আছিল।
বিজেপিৰ সক্ৰিয় নেতা পামেলা
পামেলাৰ গ্ৰেপ্তাৰৰ খবৰ পোহৰলৈ অহাৰ পিছতে পশ্চিমবংগৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি হয়।
পামেলা বিজেপিৰ যুৱা মৰ্চাৰ যথেষ্ট সক্ৰিয় নেতা।
তেওঁ ছচিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ থাকে। তেওঁ প্ৰায়ে ছচিয়েল মিডিয়াত দলৰ কাৰ্যকলাপৰ বিষয়ে জনাই থাকে।
২০১৯ত বিজেপিৰ সদস্যতা গ্ৰহণ কৰিছিল
পামেলাই ২০১৯ত বিজেপিৰ সদস্যতা গ্ৰহণ কৰিছিল।
সেই সময়ত পশ্চিমবংগৰ প্ৰদেশ অধ্যক্ষ দিলীপ ঘোষে সংবাদমেলযোগে তেওঁক দলৰ সদস্যতা প্ৰদান কৰিছিল।
এয়াৰ হোষ্টেছ আৰু এগৰাকী অভিনেতাও আছিল পামেলা
ৰাজনীতিত খোজ দিয়াৰ পূৰ্বে পামেলা এয়াৰ হোষ্টেছ আছিল।
ইয়াৰ লগতে তেওঁ মডেলিঙৰ পৃথিৱীতো খোজ দিছিল।
তেওঁ এগৰাকী অভিনেত্ৰী হিচাপে বেংগলী টেলিভিছনতো কাম কৰিছে।
পামেলাই কোৱা অনুসৰি তেওঁক বিৰোধী দলে লক্ষ্য কৰি লৈছে আৰু তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন হোৱাৰ কথা উল্লেখ কৰিছে।
Photo: Google