শুকুৰবাৰে নিশা উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটে নিজৰ পদত্যাগ পত্ৰ প্ৰদান কৰে ৰাজ্যপালক।ইয়াৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত তেওঁ ৰাজহুৱা কৰে নিজৰ পদত্যাগৰ সিদ্ধান্তৰ কথা।
সংবামাধ্যম যোগে বিজেপিৰ নেতৃত্বক ধন্যবাদো জ্ঞাপন কৰে তেওঁ।
উল্লেখ্য যে, অচিৰেই উত্তৰাখণ্ডত নতুন মুখ্যমন্ত্ৰী নিৰ্বাচন কৰিব বিজেপিৰ বিধায়িনী দলে।
শনিবাৰে ডেৰাডুনত এই উদ্দেশ্যৰে অনুষ্ঠিত হ’ব বিধায়িনী দলৰ বৈঠক য’ত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিঙ তোমৰ।