ভাৰতৰ জাতীয় কংগ্ৰেছে ২২বছৰৰ পিছত অহা ১৭ অক্টোবৰত অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে দলটোৰ মূৰব্বীৰ পদৰ নিৰ্বাচন। ৰাহুল গান্ধীয়ে সভাপতিৰ পদ ত্যাগ কৰাৰ পিছত দলটোত অধ্যক্ষ নিৰ্বাচনৰ প্ৰয়োজনীয়তা আহি পৰিছে। উল্লেখযোগ্য যে এই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে দলটোৰ জ্যেষ্ঠ নেতা তথা বিশিষ্ট লেখক শশী থাৰুৰে। কেৰালাৰ পৰা প্ৰকাশিত এখন ইংৰাজী দৈনিকত এটা প্ৰবন্ধ প্ৰকাশ কৰি থৰোৰে এই ইংগিত প্ৰদান কৰিছে। প্ৰবন্ধটোত তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে দলটোৰ উদ্ধাৰৰ কাৰণে বহু কেইজন প্ৰাৰ্থী আগবাঢ়ি আহিব লাগে।
থাৰুৰৰ ভাষ্য অনুসৰি, নতুন সভাপতি নিৰ্বাচন কৰাটো বৰ্তমান পৰিস্থিতিত দলটিৰ বাবে অতি গুৰুত্বপূৰ্ণ । তাৰ ওপৰিও এক নিকা আৰু সুস্থ নিৰ্বাচনৰ কামনা কৰে নেতা গৰাকীয়ে। ইয়াৰ সৈতেই, কংগ্ৰেছৰ কাৰ্যবাহী সমিটীৰো নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবেও আহ্বান জনাই শশী থাৰুৰে। থাৰুৰ বৰ্তমান থিৰুভনন্তপূৰমৰ পৰা কংগ্ৰেছৰ সাংসদ।
উল্লেখযোগ্য যে থাৰুৰ G-23 গোটৰ অন্যতম সদস্য। এই গোটটোৱে দলটোত গান্ধী পৰিয়াল বাহিৰৰ এজন স্থায়ী অধ্যক্ষ নিৰ্বাচিত কৰাৰ দাবী উত্থাপন কৰি আহিছিল। জ্যেষ্ঠ নেতাৰ এই গোটটোৱে ৰাহুল গান্ধীৰ নেতৃত্ব ফলপ্ৰসূ নোহোৱাৰ কাৰণ দৰ্শাই ছোনিয়া গান্ধীক প্ৰতিকাৰৰ পৰামৰ্শ আগবঢ়াই আহিছিল। কেৰালাৰ ৰাজনীতিৰ বাবে কংগ্ৰেছ এক শক্তিশালী প্ৰতিদ্বন্দী। তেনেস্থলত কংগ্ৰেছ ক্ষমতালৈ আহিল কেৰালাৰ মুখ্যমন্ত্ৰী হোৱাৰো আগ্ৰহ প্ৰকাশ কৰে নেতাগৰাকীয়ে ।