পঞ্চম শ্ৰেণীত পঢ়ি থকা ১১ বছৰীয়া শিশুৰ পৰা কি কাম কৰিব বুলি আশা কৰিব পাৰে।
উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ এটি ১১ বছৰীয়া শিশুৱে এনে অপৰাধ কৰিলে, যিটো শুনিলে সকলো আচম্বিত হৈ পৰিব।
এটি শিশুটিয়ে ইউটিউবৰ পৰা হেকিং শিকিলে আৰু ইয়াৰ পিছত নিজৰ পিতৃকে ইমেইল প্ৰেৰণ কৰি ১০ কোটি টকাৰ দাবী কৰে।
যেতিয়া আৰক্ষীয়ে তদন্ত অভিযান আৰম্ভ কৰে গম পালে যে যিটো আইপি ঠিকনাৰে ইমেইল প্ৰেৰণ কৰা হৈছিল,
সেয়া ভুক্তভোগী পিতৃৰ ঘৰৰ পৰাই প্ৰেৰণ কৰা হৈছিল। আহক জানো সম্পূৰ্ণ ঘটনা।
এসপ্তাহ পূৰ্বে গাজিয়াবাদৰ এজন লোকৰ তাত ভাবুকিপূৰ্ণ এটা ইমেইল আহিছিল।
তাত লিখা আছিল যে যদি আপুনি ১০ কোটি টকা নিদিয়ে তেন্তে তোমাৰ অশ্লীল ফটো ৰাজহুৱা কৰা হ’ব।
তোমাক হত্যা কৰা হ’ব আৰু লগতে তোমাৰ পৰিয়ালকো।
ইমেইলত দাবী কৰা হৈছিল যে এই মেইলটো এটা হেকাৰ্ছ গ্ৰুপৰ পৰা প্ৰেৰণ কৰা হৈছে।
ভুক্তভোগী লোকজন গাজিয়াবাদৰ বসুন্ধৰা কলনীত বাস কৰে।
ভাবুকিত স্পষ্টভাৱে লিখা আছিল যে, যদি ১০ কোটি টকা নিদিয়ে তেন্তে তোমাৰ অশ্লীল ফটো আৰু ঘৰৰ সদস্যসকলৰ ব্যক্তিগত তথ্য ইণ্টাৰনেটত ভাইৰেল কৰি দিয়া হ’ব।
ইয়াৰ পিছত ভুক্তভোগী লোকজন আৰক্ষীৰ কাষ চাপে। লোকজনে ক’লে যে তেওঁৰ ইমেইল আইডি ১ জানুৱাৰীত হেক কৰা হৈছিল।
হেকাৰ্ছে তেওঁৰ ইমেইলৰ পাছৱৰ্ড সলনি কৰি দিছে।
লগতে মোবাইল নম্বৰৰ লগতো ওলট পালট কৰিছে।
ইয়াৰ পিছত তেওঁলৈ আহিছিল ১০ কোটি টকা দিয়াৰ ইমেইল।
আৰক্ষীক দিয়া অভিযোগনামাত ভুক্তভোগীয়ে লিখিছিল যে হেকাৰ্ছে প্ৰতিদিনে তেওঁৰ জীৱনৰ ওপৰত নজৰ ৰাখি আছিল।
ধাৰাবাহিকভাৱে মোক আৰু মোৰ পৰিয়ালক অশান্তি দি আছিল।
ইয়াৰ পিছত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অভিযান আৰম্ভ কৰি দিছিল।
যেতিয়া আৰক্ষীৰ চাইবাৰ ছেলে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু ইমেইল প্ৰেৰণ কৰা আইপি এড্ৰেছ উলিয়াবলৈ আৰম্ভ কৰে তেতিয়া আচৰিত হৈ উঠে।
ভাবুকিপূৰ্ণ ইমেইল ভুক্তভোগী লোকজনৰ ঘৰত থকা আই পি এড্ৰেছেৰে প্ৰেৰণ কৰা হৈছিল।
যেতিয়া আৰক্ষীয়ে ভুক্তভোগী লোকজনৰ ১১ বছৰীয়া পুত্ৰক সোধা-পোছা কৰে তেতিয়া নিজৰ অপৰাধ স্বীকাৰ কৰে।
বৰ্তমান আৰক্ষীয়ে এই কথাটোৰ তদন্ত কৰাত লাগিছে যে আচলতে পঞ্চম শ্ৰেণীত পঢ়ি থকা এই ১১ বছৰীয়া যুৱকজনে কিয় অপৰাধ সংঘটিত কৰে।
এই শিশুটিক কিছুদিন পূৰ্বে কম্পিউটাৰ অনলাইন ক্লাছৰ সময়ত চাইবাৰ ক্ৰাইমৰ বিষয়ে পঢ়োৱা হৈছিল।
লগতে এই কথাটো কোৱা হৈছিল যে চাইবাৰ ক্ৰাইমৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰি।
ইয়াৰ পিছত এই শিশুটিয়ে ইউটিউবত হেকিং সম্বন্ধীয় কেইবাটাও ভিডিঅ’ প্ৰত্যক্ষ কৰে।
কেনেদৰে ইমেইল তৈয়াৰ কৰে। কেনেদৰে চাইবাৰ ক্ৰাইম কৰে আদি।
সকলো তথ্য যুগুটোৱাৰ পিছত শিশুটিয়ে পিতৃৰ ইমেইল আইডি হেক কৰে।
তেওঁলৈ পৃথক-পৃথক ইমেইল আইডিৰে ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে।
Photo: Google