দেশৰ দৰিদ্ৰ তথা মধ্যবিত্তসকলৰ বাবে বিশেষ নতুন সুযোগ সৃষ্টি কৰিব বুলি লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে জানিবলৈ দিয়ে ৷
উল্লেখযোগ্য যে চৰকাৰে এই ক্ষেত্ৰত আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কাম কৰি আছে ৷
লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেদৰেও কয় যে চৰকাৰে পূব-ভাৰতৰ বিকাশৰ বাবে বিশেষ গুৰুত্ব দি কাম কৰি আছে ।
মোডীয়ে পূব-ভাৰতত পেট্ৰ’লিয়াম প্ৰকল্প, পথ, বিমানবন্দৰ, জলপথ, চিএনজি, এলপিজি কভাৰেজ আৰু নেট সংযোগ প্ৰকল্প স্থাপনৰ বিষয়ে উল্লেখ কৰে।