দেশৰ ৮খন ৰাজ্যত নতুন ৰাজ্যপালক নিযুক্তি দিয়া হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি মঙলবাৰে কৰ্ণাটক, মিজোৰাম, মধ্যপ্ৰদেশ, হিমাচলপ্ৰদেশ, গোৱা, ত্ৰিপুৰা, ঝাৰখণ্ড আৰু হাৰিয়ানাত নতুন ৰাজ্যপাল নিয়োগ কৰিছে কেন্দ্ৰীয় চৰকাৰে।
খবৰ অনুসৰি হিমাচল প্ৰদেশৰ নতুন ৰাজ্যপাল হিচাপে দায়িত্ব ল’ব ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে।থাৱাৰ চন্দ গেহলটক দিয়া হৈছে কৰ্ণাটকৰ ৰাজ্যপালৰ দায়িত্ব। ইফালে, হিমাচল প্ৰদেশৰ নতুন ৰাজ্যপাল হ’ল বান্দাৰু দত্তত্ৰেয়া।