১০ জানুৱাৰী, ২০২২ তাৰিখে কটন বিশ্ববিদ্যালয়ৰ উপাচার্যৰ অনমুতি সাপেক্ষে কটন বিশ্ববিদ্যালয় বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন মঞ্চৰ শুভাৰম্ভণি কৰা হয়। এই মঞ্চখনে বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ উন্নতি আৰু উৎকৰ্ষ সাধনৰ অৰ্থে নিৰৱচ্ছিন্ন আৰু অহৰহ কাম কৰি যাব বলিু সংকল্প গ্ৰহণ কৰে। তাৰোপৰি উক্ত মঞ্চখনে বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ আইনসংগত আৰু শিক্ষাৰ অধিকাৰৰ হকেও থিয় দিব বুলি সংকল্পবদ্ধ হয়।
এই মঞ্চৰ সদস্যভুক্তিৰ তিনিটা বিশেষ বিভাগো নিৰ্ধাৰিত কৰা হয় – প্ৰথম, অভাৱী যিসকল বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী বা যিসকল বিশ্ববিদ্যালয়ৰ বিভিন্ন ক্ষেত্রত বৰ্তমানেও জড়িত তেওঁলোক স্বয়ংক্রিয়ভাৱে এই মঞ্চৰ অন্তৰ্ভুক্ত হ’ব পৰিব দ্বিতীয়তে বিশ্ববিদ্যালয়ৰ যিসকল সাধাৰণ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰী তেওঁলোকে ইচ্ছানুযায়ী এই ক্ষেত্রত সহায় আগবঢ়াব পাৰিব । তৃতীয়তে বিশ্ববিদ্যালয়ৰ বিশেষভাৱে সক্ষম প্ৰাক্তন ছাত্ৰ-ছাত্ৰীও ইয়াৰ অন্তৰ্ভুক্ত হ’ব পাৰিব।
উপদেষ্টা মন্দলিৰ পৰামৰ্শ আৰু তত্বাৱধানত এই মঞ্চখনৰ কামবোৰ নিয়াৰকৈ আগবঢ়াই লৈ যোৱা হ’ব। এই সকলোবোৰ চালি-জাৰি চাই, নিৰীক্ষণ কৰি বৰ্তমানৰ কৰ্তৃপক্ষই স্নাতক ষষ্ঠ ষান্মাসিকৰ ইতিহাস বিভাগৰ ছাত্ৰ ঋতুৰাজ দাসক উক্ত মঞ্চখনৰ সমন্বয়কৰ দায়িত্বত ন্যস্ত কৰে । তেওঁ প্ৰাণে প্ৰাণে উক্ত মঞ্চখনৰ উত্তৰোত্তৰ
উন্নতিত কাৰ্যৰত হ’ব বুলি সংকল্পবদ্ধ হয়।