পশ্চিমবংগত মমতাৰ খং ৷
খং উঠাটো স্বাভাৱিক৷
পশ্চিমবংগত গৈ অমিত শ্বাহে তৃণমূল কংগ্ৰেছে কেন্দ্ৰই ৰাজ্যলৈ প্ৰেৰণ কৰা ধনৰ অপব্যৱহাৰ কৰিছে বুলি মত প্ৰকাশ কৰে ৷
আৰু মমতাৰ চৰকাৰ ভ্ৰষ্টাচাৰ-দূৰাচাৰৰ আন এটা নাম বুলিও আখ্যা দিয়ে অমিত শ্বাহে ৷
যাৰ বাবে মমতাৰ গা দহিছে ৷
এই সন্দৰ্ভত বেনাৰ্জীয়ে ইয়াৰ প্ৰমাণ বিচাৰিছে ৷
লগতে বেনাৰ্জীয়ে কয় যে বিজেপিয়ে প্ৰমাণ কৰিবলৈ সক্ষম নহ’লে নৰেন্দ্ৰ মোদী চৰকাৰে পদত্যাগ কৰা উচিত ৷
উল্লেখ্য, বংগত আহি অমিত শ্বাহে মমতাক ধমকি দি গ’ল, যাৰ বাবে মমতা বেনাৰ্জী অভিমানত দগ্ধ হৈ কলকাতাৰ এক অনুষ্ঠানত কয় যে বিজেপি নেতা অমিত শ্বাহে তেওঁক কৰা ব্যৱহাৰত অহংকাৰৰ গোন্ধ আছে আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ গৰাকীয়ে তেনে কথা কোৱা উচিত নহয় বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ।