নৱ নিযুক্ত ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বিভাগৰ কামসমূহ সুচাৰুৰূপে কৰি নিয়াৰ অৰ্থে কৰ্মচাৰীসকলক দুটা চিফ্টত কাম কৰাৰ নিৰ্দেশনা জাৰি কৰিছে।সেই অনুসৰি প্ৰথমটো চিফ্টে কাম কৰিব পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ আৰু আনটো চিফ্টে কাম কৰিব বিয়লি ৩ বজাৰ পৰা নিশা ১২ বজালৈ।অৱশ্যে এই নিৰ্দেশনা কেৱল এম আৰ চেল (মন্ত্ৰী কাৰ্যালয়)ৰ বাবে জাৰি কৰা হৈছে।