আজি পুৱা গুৱাহাটীস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত নতুনকৈ স্থাপন কৰা হল অক্সিজেন প্ৰকল্প।
ৰাজ্যৰ এই ১১ সংখ্যক অক্সিজেন প্ৰকল্পটো মুকলি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
জানিব পৰা অনুসৰি এই প্ৰকল্পৰ জৰিয়তে দৈনিক ১০০ টাকৈ অক্সিজেন ছিলিণ্ডাৰ ভৰ্তি কৰিব পাৰিব।
হিমন্ত বিশ্ব শৰ্মাই এক টুইটযোগে জনোৱা অনুসৰি এই অক্সিজেন প্ৰকল্পটোৱে প্ৰতিদিনে ০.৯ মেট্ৰিকটন অক্সিজেন উৎপাদন কৰিবলৈ সক্ষম হ’ব।
লগতে জনাই যে আগন্তুক ২দিনৰ ভিতৰত শিলচৰত নতুনকৈ ২টা প্ৰকল্প মুকলি কৰা হ’ব।
এই প্ৰকল্প ২টা মুকলি কৰাৰ পিছতে অসমত মুঠ ১৩ টা অক্সিজেন প্ৰকল্প স্থাপন হ’ব।
ASSAM NOW HAS 11 OXYGEN PLANTS – CAPACITY RAMPS UP TO 68.7 MT/PER DAY
Pleased to be at the commissioning of another #Oxygen unit of 0.9 MT (100 jumbo cylinder day) at MMCH, #Guwahati, this morning.
Stay 🏡 Be 🦺#AssamCovidUpdate pic.twitter.com/I1jD3vWeft
— Himanta Biswa Sarma (@himantabiswa) April 30, 2021
Photo Credit: Twitter