বৰ্তমান দেশত বিভিন্ন সামগ্ৰীৰ দৰ ধাৰাবাহিকভাৱে বৃদ্ধি হৈ গৈ আছে।
বৃদ্ধি হোৱা এই দৰে সাধাৰণ ৰাইজৰ মূৰত শোধাইছে মাধমাৰ।
পেট্ৰ’লৰ দাম বাঢ়িল, ডিজেলৰ বাঢ়িল, চিলিণ্ডাৰৰ বাঢ়িল আৰু এইবাৰ বাঢ়িব গাখীৰৰ দাম।
দুগ্ধ উৎপাদক সংঘৰ এক বৈঠক অনুষ্ঠিত হয়। আৰু ইয়াৰ পিছতে গাখীৰৰ মূল্য বৃদ্ধি হোৱাটোৱে যথেষ্ট সম্ভৱ।
গাখীৰৰ দাম প্ৰতি লিটাৰত ১২ টকাকৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ১ মাৰ্চৰ পৰা গাখীৰৰ দাম প্ৰতি লিটাৰত ১২ টকাকৈ বৃদ্ধি হ’ব পাৰে।
প্ৰকাশিত খবৰ অনুসৰি মধ্যপ্ৰদেশৰ ২৫ খন গাঁৱৰ দুগ্ধ উৎপাদক সকলে মঙলবাৰে এক বৈঠক অনুষ্ঠিত কৰে।
এই বৈঠকত গাখীৰৰ মূল্য প্ৰতি লিটাৰত ৫৫ টকা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
যদি এই সিদ্ধান্তই চহৰৰ বিক্ৰেতাৰ পৰা মঞ্জুৰী লাভ কৰে তেন্তে ১ মাৰ্চৰ পৰা গাখীৰৰ দাম ১২ টকাকৈ বৃদ্ধি হ’ব ।
Photo: Google