আই আই টি গুৱাহাটীত (IIT Guwahati)ত সংঘটিত চাঞ্চল্য়কৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনাৰ নতুন তদন্ত কমিটী গঠনৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এই নতুন তদন্ত কমিটীয়ে যৌন নিৰ্যাতনৰ ঘটনাটোৰ নতুনকৈ তদন্ত কৰিব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে ৰাজ্যবাসী হোলীৰ আনন্দ উৎসৱত মগ্ন হৈ থকাৰ সময়তে যোৱা ২৮ মাৰ্চত IIT গুৱাহাটীত সংঘটিত হৈছিল এই জঘন্য ঘটনা। কেইজনামন ছিনিয়ৰ ছাত্ৰই এগৰাকী ছাত্ৰীক নিচাযুক্ত দ্ৰব্য খুৱাই কৰিছিল যৌন নিৰ্যাতন। অচেতন অৱস্থাত ছাত্ৰীগৰাকীক পুৱতী নিশা GMCHত ভৰ্তি কৰোৱা হৈছিল।