পুনৰবাৰ ৰাজ্যসভাত প্ৰধানমন্ত্ৰীয়ে তিনি কৃষি আইনক লৈ মত প্ৰকাশ কৰি কয় যে আমাৰ কৃষি ক্ষেত্ৰত কিছু সমস্যা হৈ আছে ৷
এই সমস্যাক সমাধান কৰিবলৈ আমি সমগ্ৰ দেশবাসীৰে সঁহাৰিৰ প্ৰয়োজন ৷
মোডীয়ে কয় যে ৰাম গোপালজীয়ে কোৱাৰ দৰে ক’ৰোনাৰ সময়ছোৱাতো যিদৰে আমাৰ কৃষকসকলে দেশত কোনো সমস্যা নোহোৱাকৈ দেশক অন্ন প্ৰদান কৰিলে তাৰ বাবে শলাগ লয় ৷
আৰু এইবুলিও মোডীয়ে কয় যে কৃষকসকলৰ আন্দোলন কৰিবলৈ সম্পূৰ্ণ অধিকাৰ আছে, কিন্তু আন্দোলনৰ নামত দেশৰ সম্পতিৰ ক্ষতিসাধন যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰখা উচিত ৷
এই তিনি কৃষি আইনৰ সন্দৰ্ভত এতিয়াও কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে মোডীৰ আলোচনা অব্যাহত ৷
অতি শীঘ্ৰে এই সমস্যা দেশৰ পৰা নাইকিয়া হ’ব ৷ তাৰ বাবে লাগিব এক সুস্থ চিন্তাৰে আলোচনাত বহিব লাগিব কৃষকসকলে ৷
কিয়নো ভাৰত কৃষি প্ৰধান দেশ ৷
আৰু বিগত সময়ছোৱাতকৈ দেশৰ কৃষি ক্ষেত্ৰত অধিক উৎপাদন হৈছে ৷
সেয়ে আমি আৰু আগবাঢ়িব যাব লাগে , এই উন্নতিৰ দুৱাৰ আন্দোলনকাৰীৰ লগতে সকলোৰে বাবে মুকলি হৈ আছে ৷
এইক্ষেত্ৰত মোডীয়ে কয় যে ভাৰত আৰু অধিক আধুনিক হ’ব, ভাৰত শক্তিশালীৰ লগতে MSP ভৱিষ্যততো থাকিব ৷