সমগ্ৰ দেশতে ক’ৰোনাৰ দ্বিতীয়টো ঢৌৱে স্পৰ্শ কৰিছে।
দিনক দিনে বৃদ্ধি হৈ গৈ আছে ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা।
ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে আগন্তুক দিনত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাসমূহত।
দিনে দিনে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱা বাবে প্ৰায়ে পৰীক্ষা বাতিল বা স্থগিত কৰা হৈছে।
CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ লগতে স্থগিতাদেশ কৰা হৈছে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা।
কিন্তু ছেবাই মেট্ৰিক পৰীক্ষা বাতিল কৰাৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।
ইফালে পূৰ্বৰ নিৰ্ধাৰিত সময়তে অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।
ৰাজ্যত ক’ভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি সিদ্ধান্ত গ্ৰহণ কৰিব ৰাজ্যৰ শিক্ষা বিভাগে।
ক’ভিডৰ বাবে এইবাৰ পৰীক্ষাকেন্দ্ৰত Z আৰু S পদ্ধতিত বহাব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীসকলক।
যাৰ বাবে পূৰ্বতকৈ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বৃদ্ধি কৰিছে পৰীক্ষাকেন্দ্ৰ।
এইবাৰ ৮২০টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ’ব ২,৪৯,৩৯৯ গৰাকী পৰিক্ষাৰ্থী।
ইয়াৰে কলা শাখাত ১,৭৫,১৭৫ গৰাকী, বিজ্ঞান শাখাত ৪০,৫৮৮ গৰাকী, বাণিজ্য শাখাত ১৮,১৭৮ গৰাকী আৰু বৃত্তিমুখী শাখাত ৮৬৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব।
Photo: Google