ৰাজ্যত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি হৈছে।
তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰি আহিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
এখনৰ পিছত এখন SOP জাৰি কৰিছে ৰাজ্য চৰকাৰে।
কালি ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই জাৰি কৰা এক SOP অনুসৰি ৰেষ্টুৰেণ্ট ,হোটেল ,ধাবা আদিৰ ক্ষেত্ৰত কিছু শিথিলতা গ্ৰহণ কৰা হ’ব।
লগতে জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱা যেনে হাস্পতাল,ফাৰ্মাচী, পশু চিকিৎসালয়,পশু খাদ্য ইত্যাদি সেৱা সমূহ কোনো ধৰণৰ বাধা নোহোৱাকৈ চলি থাকিব।
যদিও সন্ধিয়া ৬ বজাৰ পিছত সকলো ধৰণৰ বাণিজ্যিক প্ৰতিষ্ঠান সমূহ বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰা হৈছিল
কিন্তু আজিৰ পৰা ৰেষ্টুৰেণ্ট ,হোটেল,ধাবা আদিয়ে অনলাইন যোগে খাদ্যৰ যোগান অব্যাহত ৰাখিব পাৰিব।
লগতে জনাইছে যে ৬ বজাৰ পিছত কোনো গ্ৰাহকে হোটেল,ৰেষ্টুৰেণ্ট আদিত বহি খাদ্য গ্ৰহণ কৰিব নোৱাৰিব।
ঠিক সেইদৰে অত্যাৱশ্যকীয় সামগ্ৰী সমূহ গ্ৰাহকে ৬ বজাৰ পিছত অনলাইনত অৰ্ডাৰ দিব পাৰিব আৰু অৰ্ডাৰ দিয়া সামগ্ৰী হোম ডেলিভাৰী দিয়া হ’ব।
Photo Credit : Google