আজি কলিয়াবৰত সংবাদ মেল সংবাদমেল সম্বোধন কৰি নতুন SOP জাৰি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
কাইলৈ অৰ্থাৎ ২৬ ডিচেম্বৰৰ পৰা অসমত নতুন সিদ্ধান্ত বলবৎ হ’ব। অহা কালি নিশা ১১.৩০ বজাৰ পৰা পুৱা ৬ বজালৈ কাৰ্ফিউ জাৰি। অৱশ্যে ৩১ ডিচেম্বৰত এই কাৰ্ফিউ নাথাকিব। হোটেল-ধাবা সমূহো বন্ধ কৰিব লাগিব। চিনেমা হ’লৰ ক্ষেত্ৰতো ৫০ শতাংশ আসনৰ লগতে নিশা ১০.৩০ বজাত বন্ধ কৰিব লাগিব। এতিয়ালৈকে অসমত অমিক্ৰন অহা নাই বুলিও কয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। মাস্ক নিপিন্ধা লোকক প্ৰশাসনে জৰিমনা বিহিব পাৰিব। লগো সভা-সমিতিৰ ক্ষেত্ৰত ৫০ শতাংশ আসনৰ লগতে দুয়োপালি ভেকচিল লোৱা মানুহে ভাগ ল’ব পাৰিব বুলি নতুন SOPত উল্লেখ আছে।
দুয়োপালি ভেকচিন নোলোৱা ব্যক্তিক চৰকাৰৰ ফালৰ পৰা অতি সোনকালে ভেকচিন ল’বলৈ আহ্বান কৰে। ৰাজ্যত এতিয়াও ৫০ লাখ ভেকচিন মজুত আছে বুলি উল্লেখ কৰি তেওঁ কয় যে শিক্ষা অনুষ্ঠানৰ ক্ষেত্ৰত পূৰ্বৰ নিয়মাৱলী বাহাল থাকিব। লগতে সভা-সমিতিৰ ক্ষেত্ৰত ৫০ শতাংশ আসনৰ লগতে দুয়োপালি ভেকচিল লোৱা মানুহে ভাগ ল’ব পাৰিব বুলি নতুন SOPত উল্লেখ আছে।