ৰাজ্যত মাৰ যোৱা নাই কৰ’ণাৰ সংহাৰ। অহা ২০ জুলাই,২০২১ ৰ পুৱা ৫ বজাৰ পৰা ২৬ জুলাই পৰ্যন্ত বাহাল থাকিব এই নতুন নিৰ্দেশনা।
– গোলাঘাট, লখিমপুৰ, যোৰহাট, শোণিতপুৰ, বিশ্বনাথ চাৰিআলি জিলাত বাহাল থাকিব ‘টোটেল ক’ণ্টেইনমেণ্ট’ ব্যৱস্থাৰ অধীনত সম্পূৰ্ণ সান্ধ্য আইন । পৰৱৰ্তী এসপ্তাহলৈ এইকেইখন জিলাত পূৰ্ণ সান্ধ্য আইন প্ৰযোজ্য হ’ব। অৱশ্যে গেলামালৰ দোকানৰ লগতে ইয়াৰে সংলগ্ন শাক-পাচলি আৰু ফলমূলৰ বিপনী বিয়লি ৫ বজালৈকে খোলা থাকিব। কাৰ্যালয়, আন সামগ্ৰীৰ দোকান আৰু যাতায়াত ব্যৱস্থাত সম্পূৰ্ণ নিষেধাজ্ঞা প্ৰযোজ্য হ’ব।
-মৰিগাওঁ আৰু গোৱালপাৰা জিলাত দুপৰীয়া ১ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বাহাল থাকিব। এই দুখন জিলাত দুপৰীয়া ১২ বজালৈকে সকলো কাৰ্যালয় আৰু দোকান, অন্তঃ জিলা পৰিবহন তথা যাতায়াত ব্যৱস্থা মুকলি থাকিব। কাৰ্যালয়, দোকান আৰু অন্যঃ জিলা যাতায়াত ব্যৱস্থা ১২ বজালৈকে খোলা থাকিব। অৱশ্যে গেলামালৰ দোকানৰ লগতে ইয়াৰে সংলগ্ন শাক-পাচলি আৰু ফলমূলৰ বিপনী বিয়লি ৫ বজালৈকে খোলা থাকিব।
– ২৮ খন জিলাত বিয়লি ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বাহাল থাকিব।এই কেইখন জিলাত বিয়লি ৪ বজালৈকে খোলা থাকিব সকলো কাৰ্যালয়, দোকান, অন্তঃ জিলা পৰিবহন তথা যাতায়াত ব্যৱস্থা।
-পূৰ্বৰ দৰেই ৰাজ্যত আন্তঃজিলা যাতায়াত সম্পূৰ্ণ বন্ধ থাকিব।
-সম্পূৰ্ণ সান্ধ্য আইন ব্যৱস্থাৰ অধীনৰ জিলাসমূহত বিয়লি ৫.০০ বজালৈকে গেলামালৰ দোকান, শাক-পাচলিৰ দোকান আৰু ফলমূলৰ দোকান খোলা থাকিব।
– ৰাজ্যত মদ বিৰোধী অভিযান জোৰদাৰ গতিত অব্যাহত থাকিব। জিলা প্ৰশাসনসমূহলৈ কঠোৰ নিৰ্দেশনা।
– ডিব্ৰুগড়, শিৱসাগৰ আৰু নগাঁও জিলাৰ পৰিস্থিতিৰ ওপৰত চোকা নজৰ থাকিব।
-বিয়া-বাৰু, মৃতকৰ সৎকাৰ, শ্ৰাৰ্দ্ধ আদিত ১০ জনতকৈ অধিক লোক যাতে সমবেত নহয়, সেয়া কঠোৰ ভাৱে বলৱৎ কৰিবলৈ উপায়ুক্তসকলক চৰাকৰৰ নিৰ্দেশনা।
-ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
– ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ঈছলাম ধৰ্মীলোকসকলৰ প্ৰতি অহা বুধবাৰৰ পৱিত্ৰ ঈদ উৎসৱ নিজৰ ঘৰতে পালনৰ বাবে ৰাজ্য চৰকাৰৰ অনুৰোধ। মছজিদ-ঈদগাহত মাথো ৫গৰাকী লোকেহে সমবেত হৈ ঈদৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিবলৈ অনুমতি পাব।