নতুন SOP ঘোষণা হ’ল।এই SOP ত পৰিস্থিতিলৈ নজৰ ৰাখি কেতবোৰ জিলাক লৈ কৰা হৈছে কেইটামান বিশেষ ঘোষণা। সেইসমূহ- –
১)কামৰূপ মহানগৰ জিলাত দুপৰীয়া ২ বজাৰ পৰা পুৱা ৫ বজালৈ যাতায়ত তথা মানুহৰ চলাচল সম্পূৰ্ণ বন্ধ থাকিব।
২)দক্ষিণ শালমাৰা,মাজুলী,বঙাইগাঁও,চিৰাঙ,ওদালগুৰি,পশ্চিম কাৰ্বি আংলঙ,ডিমা হাচাও , চৰাইদেউ জিলা পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ খোলা থাকিব।
৩)কাছাৰ , তিনিচুকীয়া,ডিব্ৰুগড়,শোণিতপুৰ,নগাঁও জিলাত সূক্ষ্ম দৃষ্টি ৰাখিব চৰকাৰে।প্ৰয়োজনত কঠোৰ লকডাউন বলৱৎ হ’ব পাৰে এই সমূহ জিলাত।
৪)১ আৰু ২ নম্বৰত উল্লেখ কৰা জিলাসমূহৰ বাহিৰে অন্য জিলাসমূহত পূৰ্বে ঘোষিত নিয়মেই অটুত থাকিব।