নগাঁৱৰ ভেৰভেৰী গোঁসাই গাঁও। ব্ৰাহ্মণ সমাজৰ বৈদিক চৰ্চা কেন্দ্ৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত।
প্ৰতিবছৰে তাত এখন বাৰ্ষিক ডাঙৰ সভা অনুষ্ঠিত হয় আৰু তালৈ সত্ৰৰ সত্ৰাধিকাৰ, বিধায়কসকলৰ আগমন হয়।
১৯৯৭ চনত প্ৰথম বাৰৰ বাবে ৰুদ্ৰ যজ্ঞ হৈছিল। তেজপুৰৰ হলেশ্বৰ বাবা গৈছিল সেই যজ্ঞত।
তাৰপিছতো যজ্ঞ হৈ আছিল। কিন্তু ২০০১ চনৰ যজ্ঞ বহত ডাঙৰকৈ হৈছিল।
দাৰ্জিলিং আৰু নেপালৰ পুৰোহিতৰ দ্বাৰা সুকলমে অনুষ্ঠিত হৈছিল সেই যজ্ঞ ।
সেই যজ্ঞত ফ্ৰান্স আৰু ৰাছিয়াৰ বিদেশী পৰ্যটক তথা এগৰাকী বিদেশী মন্ত্ৰীও আহিছিল। চাৰিওফালে কেৱল মানুহেই মানুহেই।
দ্বিতীয় বাৰ আকৌ যজ্ঞ হ’ল। সেইবাৰ যজ্ঞ অনুষ্ঠিত হৈছিল আচাৰ্য ভৃগুগিৰি বাবাৰ তত্ত্বাৱধানত।
লোকবিশ্বাস অনুসৰি ভৃগুগিৰি বাবা ঐতিহ্য মণ্ডিত কটন কলেজৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আছিল।
চাকৰি এৰি হিমালয়ৰ শিখৰত ধ্যানত বহিছিল। কেইবাবছৰৰ পিছত তেওঁ সিদ্ধি লাভ কৰিছিল।
তেওঁ তেতিয়া জানিবলৈ পাইছিল যে হিৰণ্যকশিপুক বধ কৰিবলৈ ভগৱান শ্ৰী কৃষ্ণই যি নৰসিংহ অৱতাৰ লৈছিল সেই অৱতাৰ লোৱা স্থানখনেই হ’ল ভেৰভেৰী।
বহু হাজাৰ বছৰ পূৰ্বে অসুৰৰ গুৰু শুক্ৰাচাৰ্যই সেই স্থানতেই লিংগ প্ৰতিষ্ঠা কৰি মৃত্যুঞ্জয় মহাবিদ্যা প্ৰয়োগেৰে মৃত্যুঞ্জয় আৰু মহাসঞ্জীৱনী মন্ত্ৰৰ সৃষ্টি কৰিছিল।
ভৃগুগিৰি বাবাৰ সাধনাত সেই স্থানৰ উদ্ধাৰ সম্ভৱ হৈছিল।
তেওঁৰ তত্ত্বাৱধানতেই মন্দিৰ প্ৰাংগনত খনন কাৰ্য চলিছিল আৰু উদ্ধাৰ হৈছিল ভস্মকে ধৰি শিলিখা, ধূনা আৰু সেই লিংগও যাৰ লগত সংযোগ ৰক্ষা কৰি বৰ্তমান গঢ়ি উঠাত সম্ভৱ হ’ল বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ মাটিৰ পৰা ৮৩ ফুট উচ্চতাৰ শ্ৰী শ্ৰী মহা মৃত্যুঞ্জয় মন্দিৰ।
মন্দিৰটোৰ নিৰ্মাণ কাৰ্যও উল্লেখনীয়। এপাহ পদুম ফুলৰ ওপৰত অত্যাধুনিক কৌশলেৰে মন্দিৰ নিৰ্মাণ কৰা হৈছে।
আৰু বিষ্ণুৰূপী নৰসিংহই সেই স্থানতেই হিৰণ্যকশিপুক বধ কৰিছিল বাবে স্থানখনৰ নাম দিয়া হৈছিল নৰসিংহ ক্ষেত্ৰ।
যিজন মহান পুৰুষৰ সাধনাত এই মন্দিৰৰ কাম আৰম্ভ হৈছিল যাৰ সাধনাত গাওঁখনৰ ইতিহাস ধৰা পৰিছিল সেইজন মহান লোকজনে সেই দিনটোত মন্দিৰত স্থান ল’ব নোৱাৰিলে।
তেওঁৰ দুবছৰ পূৰ্বে পৰলোক প্ৰাপ্তি হৈছিল।
Photo: Google