দেশে ক’ভিডৰ তৃতীয় ঢৌৰ মাজেৰে আগবাঢ়ি থকাৰ সময়তে আই চি এম আৰে প্ৰকাশ কৰা সংশোধিত গাইড লাইন অনুসৰি অসম চৰকাৰেও ক’ভিড আক্ৰান্ত ৰোগীৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে। অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ক’ভিড আক্ৰান্ত ৰোগীৰ লগতে চিকিৎসা কৰ্মী আৰু হোম আইচ’লেশ্যনৰ ক্ষেত্ৰত নতুন নীতি-নিয়ম জাৰি কৰিছে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ হাস্পতাললৈ অহা ৰোগীৰ ক’ভিডৰ পৰীক্ষা আৰু ক’ভিডত আক্ৰান্ত ৰোগীৰ ডিচচাৰ্জৰ সন্দৰ্ভত নতুন নিয়ম জাৰি কৰিছে।
সকলো ঠাইতে ক’ভিডৰ টেষ্টিঙৰ সন্দৰ্ভত আইচিএমআৰৰ গাইডলাইন মানি চলা হ’ব।
সকলো জৰুৰীকালীন সেৱা(চাৰ্জাৰী আৰু ডেলিভাৰী)ত ক’ভিড পৰীক্ষাৰ কাৰণে বিলম্ব কৰিব নোৱাৰিব।
কেজুৱেলিটী, মেডিকেল কলেজৰ জৰুৰী সেৱা, জিলা হাস্পতাল, সকলোধৰণৰ চৰকাৰী আৰু বে-চৰকাৰী হাস্পতাললৈ অহা ৰোগী ক’ভিড ৰিজাল্টৰ বাবে অপেক্ষা কৰি থাকিব নালাগে। কিন্তু ক’ভিডৰ লক্ষণ থকা ৰোগীৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য নহ’ব।
ক’ভিডৰ লক্ষণ নথকা হাস্পতালত ভৰ্তি হৈ থকা গৰ্ভৱতী মহিলা, চাৰ্জাৰীৰ ৰোগীৰ ক’ভিড পৰীক্ষা কৰিব নালাগে। কিন্তু ক’ভিডৰ লক্ষণ থাকিলে সেই নিয়ম প্ৰযোজ্য নহ’ব।
ক’ভিড ৰোগীক ৫ দিনৰ পিছত হাস্পতালৰ পৰা ডিচচাৰ্জ কৰা হ’ব। ডিচচাৰ্জৰ সময়ত কোনোধৰণৰ RAT/RTPCR পৰীক্ষাৰ প্ৰয়োজন নাই।
কিন্তু লক্ষণ থকা ৰোগীৰ ক্ষেত্ৰত সিদ্ধান্ত ডাক্তৰে ল’ব। স্বাস্থ্যৰ শেহতীয়া অৱস্থাৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিব।
ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা ডিচচাৰ্জ কৰাৰ পিছত ২ দিন হোম আইচলেছনত থাকিব লাগিব।
লগতে পঢ়কঃ মহানগৰীত ১৮ দিনত ১২,৬৬১জন আক্রান্ত ক’ভিডত