১ ১৯ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন আজি ঘোষণা কৰা হয়। ১৯ এপ্ৰিলত ভোটদান অনুষ্ঠিত হব আৰু ২১ এপ্ৰিলত ভোটগণনা কৰা হ’ব। পুৱা ৭-৩০ বজাৰ পৰা বিয়লি ৪-৩০ বজালৈ চলিব ভোটগ্ৰহণ পক্ৰিয়া। এইবাৰ এই নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ইভিএম ব্যৱহাৰ কৰা হ’ব।
২ টোলগেট সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ ঘোষণা
টোলগেটৰ সমীপৰ লোকসকলৰ বাবে সু-খবৰ৷ টোলগেট সমীপৰ লোকসকলে পৰিষোধ কৰিব নালাগে কোনো ধৰণৰ ধনৰাশি৷ সেই স্থানৰ লোক সকলৰ বাবে চৰকাৰে দিব বিশেষ পাচ৷ আধাৰ কাৰ্ডৰ জৰিয়তে লাভ কৰিব এই বিশেষ পাচ সমূহ৷ লোকসভাত ঘোষণা কৰিলে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷
৩ ভয়াৱহ অগ্নিকাণ্ডত জাহ গ’ল কৌটি টকাৰ সম্পত্তি
ডিব্ৰুগড়ত ভয়াৱহ অগ্নিকাণ্ড। নিশাৰ প্ৰায় 3 বজাত ডিব্ৰুগড় চহৰৰ নিউ মাকেটত সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ড । প্ৰায় চাৰিঘণ্টাজুৰি অব্যাহত থকা এই অগ্নিকাণ্ডত জাহ যায় সৰু-বৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ৷
৪ সমগ্ৰ কাজিৰঙাক ইক’ছেনচিটিভ জ’ন ঘোষণা
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা প্ৰসাৰ আৰু পৰ্যটকৰ বাবে ইয়াক অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰে ভালেমান গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপসমূহৰ ভিতৰত সবাটোকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো হ’ল ৰাষ্ট্ৰীয় উদ্যানখনৰ সমুদায় এলেকাক ইক’ছেনচিটিভ জ’ন ঘোষণা।
৫ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ পদত মীৰা বৰঠাকুৰ
অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে মীৰা বৰঠাকুৰ মনোনীত কৰা হৈছে বুলি কংগ্ৰেছ হাইকামাণ্ডে এক জাননী যোগে প্ৰকাশ কৰিছে।