১ মহানগৰীত অগ্নিকাণ্ড; জুইত জাহ ২৫ তাতকৈ অধিক বাসগৃহ
মহানগৰীৰ পাটৰকুচিত ভয়ংকৰ অগ্নিকাণ্ডত জাহ যায় ২৫তাতকৈও অধিক ঘৰ। নবীন চন্দ্ৰ বৰা নামৰ প্ৰাক্তন আৰক্ষী প্ৰশাসনৰ লোক জনৰ ঘৰত সূত্ৰপাত হয় জুইৰ।
২ বোকাজান আৰক্ষীৰ গুলীত আহত এজন ড্ৰাগছ সৰবৰাহকাৰী
বোকাজান আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি চলালে গুলী। আৰক্ষীয়ে প্ৰকাশ কৰা মতে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোৱে আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰিছিল।
৩ ধন নাই চৰকাৰৰ! কোষাগাৰসমূহক বিল গ্ৰহণ নকৰিবলৈ নিৰ্দেশ
ৰাজ্যত সৃষ্টি হৈছে অৰ্থনৈতিক জুৰুলা অৱস্থা। ৰাজ্যৰ গৃহবিভাগৰ এক পত্ৰই স্পষ্ট কৰিছে ৰাজ্যৰ অৰ্থনীতিৰ বিধ্বস্ত ৰূপ। উল্লেখ্য যে, ২৪ মাৰ্চত বিত্ত বিভাগে সকলো জিলাৰ কোষাগাৰলৈ প্ৰেৰণ কৰিছে এক বিশেষ পত্ৰ।