বিগত কেইবছৰৰ দৰে এইবেলিও এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ উদ্যোগত সমুহ ৰেল পৰিয়ালৰ হৈ মালিগগাঁওস্থিত সদৰ কাৰ্যালয়ৰ সন্মুখত ৮ আৰু ৯ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৯ সংখ্যক ওপজা দিন উদযাপন কৰা হয় । ৮ ছেপ্টেম্বৰত দিনৰ ১১ বজাত সুধাকণ্ঠৰ প্ৰতিমূৰ্ত্তিত মাল্যার্পনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। বিয়লি ৩ বজাৰ পৰা দুটা শাখাত প্ৰাইজমানি চিত্রাকংণ প্রতিযোগিতা অনুস্থিত হয় । ‘ক’ শাখাত আৰাধ্য দত্তই প্ৰথম , ডেলিছা দাসে দ্বিতীয় আৰু তৃষাণ পাঠকে তৃতীয় স্থান’ লাভ কৰে। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে অংশুমান দাস আৰু ধৃতিমান কুমাৰে। খ’ শাখাত এনি কাশ্যপে প্ৰথম , ৰক্তদ্বীপ কাশ্যপে দ্বিতীয় আৰু জুনেইদ আয়ুৱে তৃতীয় স্থান লাভ কৰে। আনহাতে বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ডিম্পী ক্ৰ আৰু মানস প্ৰতীম ডেকাই। ক শাখাৰ প্রথম, দ্বিতীয় আৰু তৃতীয় বিজয়ী প্রতিযোগীক ক্রমে মানপত্ৰসহ ৩ হাজাৰ, ২ হাজাৰ আৰু ১হাজাৰ টকাৰে পুৰস্কৃত কৰা হয়।
আনহাতে খ শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় প্রতিযোগীক ক্ৰমে মানপত্ৰসহ ৫ হাজাৰ, ৩ হাজাৰ আৰু ২ হাজাৰ টকাৰে পুৰস্কৃত কৰা হয়। ৯ ছেপ্টেম্বৰত পুৱা ৯ বজাৰ পৰা সুধাকণ্ঠৰ গীতৰ প্ৰতিযোগীতা অনুষ্ঠিত হয়। প্রতিযোগীতাত চন্দ্ৰা শিকদাৰে প্ৰথম স্থানৰে মানপত্ৰসহ ২০ হাজাৰ টকা , সম্ৰাজ্ঞী কাশ্যপে দ্বিতীয় স্থানৰে মানপত্ৰসহ ১৫ হাজাৰ টকা আৰু ভায়লিনা ডেকাই তৃতীয় স্থানৰে মানপত্ৰসহ ১০ হাজাৰ টকা লাভ কৰে। বিচাৰক সকলৰ নিৰ্বাচনত সাত গৰাকী প্ৰতিযোগীক ১ হাজাৰকৈ টকা উদগনিমূলক প্রাইজমানি হিচাপে দিয়া হয় । সন্ধিয়া ৬ বজাত শিল্পী সম্বর্দ্ধনা অনুস্থান অনুষ্ঠিত হয় । শিল্পী সম্বর্দ্ধনা অনুষ্ঠানত আব্দুল মজিদ পৰিচালিত আৰু সুধাকণ্ঠৰ সংগীত পৰিচালনাৰে সুশোভিত প্রখ্যাত অসমীয়া বোলছবি চামেলি মেমচাহাবৰ নাম ভূমিকাত অভিনয় কৰা অভিনেত্রী কলকাতা নিবাসী বিনীতা গোঁহাই মিত্রক বিপুল ভাবে সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানত টেলিভিছন চেনেল ডি ওৱাই ৩৬৫ ৰ জ্যেষ্ঠ সাংবাদিক সিগ্ধাশিখা কলিতা, ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়া, যুটীয়া সাধাৰণ সম্পাদকত্ৰয় দিগন্ত বৰুৱা, প্ৰকাশ বৰ্মন, ৰুবুল বাৰিছ , কোখাধ্যক্ষ জোন দাস, উদযাপন সমিতিৰ কো – অৰ্দিনেটৰ পৱন দত্ত, ইউনিয়নৰ মালিগাঁও শাখাৰ সভাপতি ভাস্কৰ ভূষণ দাস, সম্পাদক ৱাহিদুৰ ৰহমান, হেড কোৱাৰ্টাৰ মহিলা শাখাৰ সম্পাদিকা মিতালী দত্তকে ধৰি কেবাজনো বিষয় – ববীয়া উপস্থিত আছিল।