ভাৰত চৰকাৰৰ ৰেলৱে মন্ত্ৰণালয়ৰ অধীনৰ ৰেলৱে বৰ্ডৰ ফালৰ পৰা শেহতীয়াভাবে সমগ্ৰ দেশজুৰি ৰেলৱেৰ সকলো বিভাগ, কাৰখানা, উৎপাদিত গোট আদিত নন চেফটি কেটেগৰীৰ পদৰ ৫০ শতাংশ পদ চিৰদিনৰ বাবে বিলুপ্তিকৰণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰিছে ৰেলৱেৰ সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন নেশ্যনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেনছ চমুকৈ এন এফ আই আৰ এ।
আনহাতে এন এফ আই আৰৰ আহ্বান মৰ্মে দেশজুৰি ৰেলৱে শ্ৰমিক – কৰ্মচাৰী সকলে ৰেলৱে বৰ্ডৰ সিদ্ধান্তৰ তীব্র বিৰোধীতা কৰি পুনৰ এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ দাবী জনোৱাৰ লগতে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আনহাতে NFIR ৰ আহ্বান মৰ্মে উত্তৰ পূব সীমান্ত ৰেলৱেৰ সৰ্ববৃহৎ শ্ৰমিক সংগঠন “এন এফ ৰেলৱে এম্প’লয়িজ ইউনিয়নে ৰেলৱে বৰ্ডৰ সিদ্ধান্তৰ বিৰুদ্ধে পহিলা জুনৰ পৰা আৰম্ভ কৰা সপ্তাহযোৰা প্ৰতিবাদী কাৰ্যসূচীৰ কালি সামৰণি পৰে।
NFIR ৰ যুটীয়া সাধাৰণ সম্পাদক আৰু এন এফ ৰেলৱে এম্প’লয়িজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াৰ নেতৃত্বত ইউনিয়নৰ ৫ টা সংমণ্ডল আৰু ৫৬ টা শাখাই ৰেলৱে বৰ্ডৰ ৫০ শতাংশ পদ বিলুপ্তিকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ সন্মুখৰ উপৰি সাংমণ্ডলিক কাৰ্যালয়, উৎপাদিত গোট, কাৰখানা আদিত ধৰ্ণা, প্ৰতিবাদী সমদল, অৱস্থান ধৰ্মঘটকে ধৰি বিভিন্ন গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে।