নিয়াৰ আদালতে ভুৱা গোচৰ বুলি ৰায় দিয়া চানমাৰিৰ গোচৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে তদন্তকাৰী সংস্থা নিয়া।
আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত আছে গোচৰটোৰ প্ৰথম শুনানি।
বিষয়টো সন্দৰ্ভত মুখ খুলি আজি অখিল গগৈয়ে কয় যে তেওঁ যিকোনো মুহুৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে।
সাংবাদিকক সম্বোধন কৰি অখিল গগৈয়ে কয়,
‘কাৰাগাৰৰ পৰা মই বাহিৰ হোৱাটো অসম চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা আৰু গৃহ মন্ত্ৰী অমিত শ্বাহে বিচৰা নাছিল।সেয়েহে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ গৃহ বিভাগে মোক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ ষড়যন্ত্ৰ কৰিছে’।