ক’ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত সান্ধ্য আইনৰ সময়সীমা ১ মে’ৰ পৰিৱৰ্তে ৭ মে’লৈ বৃদ্ধি কৰা হৈছে।
শুকুৰবাৰে অসম দুৰ্যোগ প্ৰশমন বিভাগে এই নিৰ্দেশনা জাৰি কৰে।
উল্লেখ্য বিগত ২৭ এপ্ৰিলত বিভাগটোৱে এক নিৰ্দেশনাৰ জৰিয়তে ১ মে’লৈকে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ সন্ধিয়া ৮ বজাৰ পৰা ৰাতিপুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰিছিল।
কিন্তু পুনৰ আজি সেই নিৰ্দেশনা সলনি কৰি সান্ধ্য আইনৰ সময়সীমা ৭ মে’লৈকে বৃদ্ধি কৰালে।
অৱশ্যে পূৰ্বৰ সান্ধ্য আইনৰ নিৰ্দেশনাৰ দৰে এইবাৰো জৰুৰীকালীন সেৱা সমূহৰ লগত জড়িত লোকৰ বাহিৰে বিনা কাৰণত কোনো লোক ওলাব নোৱাৰিব।
জৰুৰীকালীন সেৱাসমূহ ক্ৰমে-
আইন সেৱাৰ লগত জড়িত থকা লোক সকলে উপযুক্ত প্ৰমাণ পত্ৰসহ ওলাব পাৰিব।
ৰে’ল ষ্টেচন, বিমান বন্দৰ আদিলৈ যাবলগীয়া যাত্ৰী সকলে বৈধ টিকটৰ সহায়ত যাব পাৰিব।
খাদ্য-সামগ্ৰী, ফল আৰু পাচলি, দুগ্ধজাত সামগ্ৰী আৰু গাখীৰ বুথ, মাংস আৰু মাছ, পশুখাদ্যৰ সৈতে লেনদেন কৰা লোকৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা জাৰি কৰা হোৱা নাই।
ক’ল্ড ষ্টৰেজ, অত্যাৱশ্যকীয় সামগ্ৰী আদি নিৰ্মাণৰ ক্ষেত্ৰত জড়িত লোকৰ ক্ষেত্ৰত এই নিৰ্দেশনা নাথাকিব।
ইন্টাৰনেট, শক্তি আৰু দুৰসেৱা আদিৰ লগত জড়িত লোকসকলৰ বাবে এই নিষেধাজ্ঞা নাথাকে।
বেংক,বীমা, এটিএম আদিৰ লগত জড়িত লোকসকলৰ বাবে নাথাকে নিষেধাজ্ঞা।
এল পি জি, পেট্ৰ’ল পাম্প আদিৰ ক্ষেত্ৰত এই নিৰ্দেশনা নাথাকে।
বৈদ্যুতিক বা ছপা মাধ্যমৰ সৈতে জড়িত সংবাদ কৰ্মচাৰীসকলৰ আই কাৰ্ড থাকিব লাগিব।
বাকী ক্ষেত্ৰত পূৰ্বৰ নিষেধাজ্ঞা সমূহেই বাহাল থাকিব।
Photo: Google