দিল্লীৰ পিছত নয়দা আৰু গাজিয়াবাদতো নৈশ সান্ধ্য আইন বলবৎ কৰা হৈছে।
এই সিদ্ধান্ত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱা বাবে গ্ৰহণ কৰা হৈছে।
নয়দাত আজি নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি থাকিব।
গৌতমবুদ্ধনগৰৰ DM সুহাষ এল ৱায়ে প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি নৈশ সান্ধ্য আইনৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে।
নিৰ্দেশনা অনুসৰি, নৈশ সান্ধ্য আইনৰ সময়ত আৱশ্যক সামগ্ৰী, চিকিৎসা সেৱাসমূহ খোলা ৰখা হ’ব।
সকলো চৰকাৰী, ব্যক্তিগত শিক্ষানুষ্ঠান বন্ধ থাকিব। বন্ধ থাকিব কোচিঙো।
উল্লেখ্য উত্তৰ প্ৰদেশথ বুধবাৰে ৬০২৩জন লোক ক’ৰোনাত আক্ৰান্ত হৈছিল আৰু ৪০জন ৰোগীয়ে মৃত্যুক সাৱটিছিল।
বুধবাৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যৰ প্ৰতিগৰাকী জিলা বিষয়াক আদেশ প্ৰদান কৰিছিল যে, যিখন জিলাত ৫০০তকৈ অধিক লোক ক’ৰোনাত আক্ৰান্ত হয় তাত নৈশ সান্ধ্য আইন জাৰি কৰা যাওক।
লক্ষ্ণৌ, বাৰাণসী, প্ৰয়াগৰাজ আৰু কানপুৰসহ কেইবাখনো জিলাত নৈশ সান্ধ্য আইন ঘোষণা কৰা হৈছে।
Photo: Google