ৰূপজ্যোতি কুৰ্মীৰ দলত্যাগ সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বহুবল্কী কংগ্ৰেছ নেতা নীলমণি সেন ডেকাই। তেওঁ কয় যে ‘সোঁতৰ বিপৰীতে কাম কৰি আছিল ৰূপজ্যোতিয়ে। আজি তেওঁ কিয় কংগ্ৰেছ ত্যাগ কৰিবলগীয়া হ’ল সেই প্ৰশ্নৰ উত্তৰ দেৱব্ৰত শইকীয়া,ৰিপুণ বৰা আদি নেতাইহে দিব পাৰিব’।
ইফালে তেওঁ নিজেও দলত্যাগ কৰিব পাৰে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীজনে কয় যে এতিয়া তেনে কথা তেওঁ ভবা নাই।তেওঁ বৰ্তমান সাহিত্য চৰ্চাত ব্যস্ত।সাহিত্য সভাৰ সভাপতি হোৱাৰ উদ্দেশ্য আগত ৰাখি তেওঁ পঢ়া- পাতি কৰি আছে।
জুলাই মাহত হ’বলগীয়া অসম বিধানসভাৰ অধিৱেশন কালতে তেওঁৰ দহখন কিতাপ বিধানসভাত উন্মোচন কৰা হ’ব বুলিও জনায় নীলমণি সেন ডেকাই। ইয়াৰ বাবে যাৱতীয় অনুমতিও ইতিমধ্যেই তেওঁ বিধানসভাৰ অধ্যক্ষৰ পৰা লৈ থৈছে।