মহাৰাষ্ট্ৰত একনাথ সিন্দে–দেবেন্দ্ৰ ফডনাভিছৰ চৰকাৰৰ প্ৰথম মন্ত্ৰীমণ্ডল( কেবিনেট)ৰ আজি সম্প্ৰসাৰণ ঘটোৱা হ’ব। জানিব পৰা মতে, ৰাজ্যভৱনত ৰাজ্যপাল ভগত সিং কোশীয়াৰীয়ে মন্ত্ৰীসকলক শপত গ্ৰহণ কৰাব।
বিজেপি আৰু সিন্দে গোটৰ তৰফৰ পৰা ৯ জনকৈ বিধায়কে মন্ত্ৰীপদৰ বাবে শপত গ্ৰহণ কৰিব। মন্ত্ৰীপদৰ শপত গ্ৰহণ কৰা মন্ত্ৰীসকলৰ ভিতৰত বিজেপিৰ সভাপতি মংগলপ্ৰভাত লোধা, বিজেপি ৰাজ্যিক সভাপতি চন্দ্ৰকান্ত পাটিল, আশিষ শেলাৰ, বিজয় কুমাৰ গাবিত, সুধীৰ মুনঙ্গটীৱাৰ, গিৰিশ মহাজন, ৰবীন্দ্ৰ সৌহান, ৰাধাকৃষ্ণবিখে পাটিল, সুৰেশ খাড়ে, অতুল সাবে আৰু গণেশ নাইকৰ নামো মন্ত্ৰীৰ তালিকাত আছে।
উল্লেখ্য যে, শিন্দে গোটৰ বেছিভাগ মন্ত্ৰী পদ সেইসকলক দিয়া হৈছে যিয়ে উদ্ধৱ ঠাকৰে নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী থকাৰ অৱস্থাত শিন্দেৰ নেতৃত্বত বিদ্ৰোহ কৰিছিল।