খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত শনিবাৰে অনুষ্ঠিত হয় চাহ বাগিচা ধন পুৰস্কাৰ বিতৰণ অনুষ্ঠান ।
চাহ বাগিচা ধন পুৰস্কাৰ মেলাৰ তৃতীয় পৰ্যায়ৰ বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণে ।
অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী ৰামেশ্বৰ তেলী ।
তৃতীয় পৰ্যায়ত ৭,৪৬,৬৬৭ টা একাউণ্টত তিনি হাজাৰ টকাকৈ প্ৰদান কৰা হয় হিতাধিকাৰীক ।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰদান কৰে ধনৰাশি ।
নিৰ্মলা সীতাৰমণে ভাষণত কয় যে, এতিয়াৰে পৰা চাহ বাগানৰ কৰ্মী সকলৰ ধন মধ্যভোগী দালালে আত্মসাৎ কৰিব নোৱাৰিব।
অসমৰ বেংক কৰ্মচাৰী সকলে মহামাৰীৰ সময়ত চাহ বাগান সমূহত গৈ একাউণ্ট খোলাত যি ভূমিকা পালন কৰিলে তাৰ বাবে তেওঁলোক ধন্যবাদ জ্ঞাপন কৰে।
এতিয়াৰ পৰা তেওঁলোকৰ প্ৰাপ্য ধন সমূহ প্ৰত্যক্ষ ভাবে তেওঁলোকৰ একাউণ্টত জমা হব।
২০২১ চনৰ বাজেটত ১০০০ কোটি টকা চাহ বাগিচাৰ কৰ্মী সকলৰ বাবে আৱণ্টন কৰা হৈছে।
ভাৰতৰ প্ৰত্যেক গৰাকী মানুহে ৰাতিপুৱা শুই উঠি প্ৰথম চাহ কাপেই হাতত লয়।
অসমৰ চাহ বাগিচা কোনো ডাঙৰ ডাঙৰ চহৰতকৈ কম নহয়।আত্মনিৰ্ভৰ ভাৰতত চাহ বাগিচা সমূহৰ বাবেও বহু আঁচনি আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
মুখ্যমন্ত্ৰী গৰাকীয়ে এ পি এছ চি ত সফলতা লাভ কৰা চাহ জনগোষ্ঠীৰ ছাত্র সকলক অভিনন্দন জ্ঞাপন কৰে।
তেখেতে চাহ বাগিচাৰ কৰ্মচাৰীসকলৰ সন্তানক শিক্ষা প্ৰদান কৰাবলৈ অনুৰোধ জনায়।
বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ যুগত সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যাব পৰাকৈ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ।
চাহ বাগিচা ধন পুৰস্কাৰ মেলা আঁচনিৰ বাবে কেন্দ্রীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক ধন্যবাদ জনায় আৰু চাহ বাগিচাৰ কৰ্মী সকলৰ দৰমহা অতিশীঘ্ৰে বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই ।