আজি অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে দুধৰ্ষ উগ্ৰপন্থী তথা এন এল এফ বিৰ মুৰব্বী এম বাথাই। তেওঁৰ লগত আত্মসমৰ্পণ কৰে অন্য ২২ গৰাকী এন এল এফ বি কেডাৰে।
ইতিমধ্যে এক প্ৰেছ বিজ্ঞপ্তিযোগে এন এল এফ বিৰ তৰফৰ পৰা আজিৰ পৰা সংগঠনটোৱে মূলসুঁতিলৈ উভতি আহিলে বুলি আনুষ্ঠানিকভাৱে জনায়। প্ৰেছ বিজ্ঞপ্তিটোত সংগঠনটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিআৰত শান্তি স্থাপন কৰাৰ হেতুকে গ্ৰহণ কৰি অহা আন্তৰিক প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
লগতে সংগঠনটোৱে মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত বিটিআৰৰ সকলো জাতি জনগোষ্ঠীৰ লোকে সম উন্নয়নৰ আন্তৰিক আৰু দায়বদ্ধতাপূৰ্ণ পদক্ষেপৰ সাক্ষী তথা অংশীদাৰ হব পাৰিব বুলি আশা প্ৰকাশ কৰে। সংগঠনটোৱে চৰকাৰে বড়োসকলৰ সকলো সমস্যা সমাধানৰ বাবে যাৱতীয় পদক্ষেপ লোৱাৰ লগতে ২৭ জানুৱাৰী,২০২০ ৰ দিনা স্বাক্ষৰিত তৃতীয় বড়ো চুক্তিত স্বাক্ষৰকাৰী সংগঠনসমূহৰ বন্দী নেতা-সদস্যক মুক্তি দিয়াৰ কাৰণেও ব্যৱস্থা লব বুলি আশা প্ৰকাশ কৰে।
একেটা বিবৃতিতে সংগঠনটোৱে মধ্যস্থতাকাৰী থুলুংগা বসুমতাৰী আৰু ৰাজকুমাৰ পৃথ্বিৰাজ নাৰায়ণ দেৱ মেচৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।
এন এল এফ বিৰ এই সিদ্ধান্তৰ পিছত স্বাভাৱিকতেই বড়োভূমিৰ সাধাৰণ লোকসকলে স্থায়ী শান্তি উভতি আহিব বুলি আশা প্ৰকাশ কৰিছে। অৱশ্যেই তিনিখনকৈ শান্তি চুক্তিৰে প্ৰকৃতাৰ্থত শান্তি আনিব নোৱাৰা বড়োভূমিত এন এল এফ বিৰ এই মূলসুঁতিৰ আগমনে সঁচাকৈয়ে শান্তি ঘূৰাই আনিব বুলি আশা কৰাটো দিবাস্বপ্ন নে বাস্তৱসন্মত এয়া সময়েহে কব।