ক’ভিড ভেকচিন লোৱাৰ ১৩ দিনৰ পিছত মৃত্যু হোৱা লখিমপুৰৰ শিমলুগুৰিৰ সমীপৱৰ্তী চেঁচা ৰাজগড়ৰ নিৱাসী
তথা অংগনৱাড়ী সহায়িকা দীপা দেৱীৰ প্ৰকৃততে ক’ভিড ভেকচিন লোৱাৰ বাবে মৃত্যু হোৱা নাছিল।
এই কথা জনাই লখিমপুৰ জিলা স্বাস্থ্য বিভাগে।
মঙলবাৰে লখিমপুৰৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া কাৰ্যালয়ত চিকিৎসা বিষয়াই সংবাদমাধ্যমক জনাই যে,
দীপা দেৱীৰ ছেপ্টিক চক উইথ মাল্টি অৰ্গেন বিকল হোৱাৰ বাবে মৃত্যু ঘটিছিল।
কাৰণ ভেকচিন লোৱাৰ ১৩ দিন পিছতহে মহিলাগৰাকীয়ে মৃত্যুক সাৱটিছিল।
Photo: Headline8