চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ ওপৰত আক্ৰমণ এতিয়া হৈ পৰিছে সুলভ খবৰ।বিগত এটা মাহত অসমত কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে য’ত আক্ৰমণৰ লক্ষ্য হৈ পৰিছে স্বাস্থ্যকৰ্মীসকল। এনে ঘটনাই ৰাজ্যৰ সচেতন মহলক চিন্তিত কৰি ৰখাৰ পৰতে গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰক দিছে এক নিৰ্দেশ। উদালী কাণ্ডক লৈ বিশেষভাৱে চিন্তিত ন্যায়ালয়ে অনাগত দিনত যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় সেয়া সুনিশ্চিত কৰিবলৈ এই নিৰ্দেশ দিছে।নিৰ্দেশানুসৰি এতিয়াৰে পৰা কোনো লোকে যাতে অস্ত্ৰ কিম্বা বন্দুক লৈ চিকিৎসালয়ত প্ৰৱেশ কৰিব নোৱাৰে সেয়া নিশ্চিত কৰিব চৰকাৰে। আনহাতে অনুৰূপ ঘটনা পুনৰাই সংঘটিত নহ’বৰ বাবে চৰকাৰেনো কি ব্যৱস্থা হাতত ল’ব সেই সম্পৰ্কত দুটা সপ্তাহৰ ভিতৰত বিতং উত্তৰ বিচাৰিছে ন্যায়ালয়ে।