কিছু দিন পূৰ্বে মৰিয়নিৰ অসম- নাগালেণ্ড সীমান্তত সমষ্টিটোৰ সদ্য পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল নগা দুৰ্বৃত্তই।অঞ্চলটোত সেই ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাওতেই পুনৰাই ঘটিছে আন এক উদ্বেগজনক ঘটনা।পুনৰ উত্তপ্ত হৈছে মৰিয়নিৰ অসম- নাগালেণ্ড সীমান্ত অঞ্চল।
এইবাৰ ক্ষুদ্ৰ চাহ খেতিয়কক কৰ নিদিলে গুলীয়াই মৰাৰ ভাবুকি প্ৰদান কৰিছে এন এচ চি এনে।
মৰিয়নিৰ চেলেংহাট থানাৰ অন্তৰ্গত চাৰিঙীয়াজুৰিৰ ফুচুঙত থকা ৰবীন কুৰ্মীৰ ক্ষুদ্ৰ চাহ বাগিছাৰ শ্ৰমিকক কৰ বিচাৰি এইদৰে ভাবুকি প্ৰদান কৰিছে সশস্ত্ৰ এন এচ চি এনে।উল্লেখ্য যে আগ্ৰাসী নগাৰ এনে ভাবুকিৰ পাছতেই বন্ধ হৈ পৰিছে অঞ্চলটোৰ বহু ক্ষুদ্ৰ চাহ বাগিছাৰ কাম- কাজ। আতংকিত বহু ক্ষুদ্ৰ চাহ খেতিয়কে কেঁচা পাত তুলিবলৈ বাগিছালৈ যাব পৰা নাই।
এইক্ষেত্ৰত অসমৰ প্ৰশাসনেও ক্ষুদ্ৰ চাহ খেতিয়কসকলক যথোচিত নিৰাপত্তা প্ৰদানত বিফল হৈছে বুলি অভিযোগ উঠিছে।