এতিয়াৰে পৰা কোনো লোকে ভূমিহীন হ’ল বুলিয়েই য’তে-ত’তে মাটি দখল কৰিব নোৱাৰিব৷ ভূমিহীন লোক সকলে বসবাস কৰিবলৈ মাটি বিচাৰি চৰকাৰক আৱেদন জনাব লাগিব৷ ধর্মীয় অনুষ্ঠান, সত্র, চৰকাৰী বা বনাঞ্চলৰ হাজাৰ হাজাৰ বিঘা মাটি বহুলকে বেদখল কৰাৰ পিছতে ৰাজ্য চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷
ইতিমধ্যে ছিপাঝাৰ, কাকীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে উচেছদ অভিযান আৰম্ভ কৰিছে৷ পূর্বৰ বিজেপি মিত্রজোঁটৰ প্রথমখন চৰকাৰৰ শাসনত কাজিৰঙা, বৰদোৱাকে ধৰি অঞ্চল বিশেষত উচেছদ অভিযান চলিছিল যদিও সেই অভিযান বন্ধ হৈ পৰা দেখা গৈছিল৷ বিৰোধী দল আৰু সংগঠন সমূহে অভিযোগ উত্থাপন কৰিছে যে, মিত্রজোঁটৰ দ্বিতীয়খন চৰকাৰে পুনৰ উচেছদ অভিযান চলোৱাৰ সময়ত বাছি বাছি এটা নির্দিষ্ট ধর্মাৱলম্বী লোক বসবাস কৰা স্থানতহে উচেছদ উচ্ছেদ কাৰ্য সম্পন্ন কৰিছে৷ ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হোৱাৰ সময়ত জ্যেষ্ঠ মন্ত্রী ৰঞ্জিত দাসে উচেছদ সম্পর্কত তাৎপর্যপূর্ণ মন্তব্য কৰিছে৷
তেওঁ কয় যে ভূমিহীন হ’ল বুলিয়েই কোনো লোকে সত্র, মন্দিৰ, মছজিদ বা গীর্জা আদি ধৰ্মীয় অনুষ্ঠানৰ মাটি কোনোৱেও বেদখল কৰিব নোৱাৰিব৷ প্রকৃততে যিসকল ভূমিহীন তেওঁলোকে চৰকাৰক মাটি বিচাৰি আৱেদন জনাব লাগিব৷ ভূমি উপদেষ্টা পৰিষদে আৱেদনৰ ভিত্তিত মাটিৰ পট্টা দিব৷ মাটি নাথাকিল বুলিয়েই সত্র, মঠ, মন্দিৰ, গীর্জা বা মছজিদৰ মাটি বেদখল কৰিব নোৱাৰিব৷ বেদখলকাৰীক উচেছদ কৰিবলৈ জিলাৰ উপায়ুক্তসকলক কর্তৃত্ব দিয়াৰ কথাও সংবাদ মাধ্যমৰ আগত মন্ত্রী ৰঞ্জিত দাসে উল্লেখ কৰে৷ উল্লেখযোগ্য যে কেইদিনমানৰ পূর্বে ছিপাঝাৰৰ গৰুখুঁটি অঞ্চলত হাজাৰ হাজাৰ বিঘা মাটি উচেছদিতৰ কবলৰ পৰা মুক্ত কৰা হৈছিল৷
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উচেছদিত এলেকা পৰিদর্শন কৰি নিৱনুৱা যুৱকক কৃষি কার্যত সেই অঞ্চলত নিয়োজিত কৰিবলৈ বিধাায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত এখন সমিতি গঠন কৰি দিয়ে৷ ধর্মীয় অনুষ্ঠানৰ মাটি দখল কৰা বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ যে অতি কঠোৰ সেইকথা আজি মন্ত্রী ৰঞ্জিত দাসে সংবাদ মাধ্যমৰ আাগত পুনৰ উল্লেখ কৰে৷