ক’ৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌৰ মাজত ছত্তীশগড়ৰ জনজাতীয় অঞ্চলৰ বাবে চৰকাৰে এক অদ্ভূত ঘোষণা কৰিছে। নিৰ্দেশনা অনুসৰি, গৌৰেলা-পেন্দ্ৰা-মাৰৱাহি জিলাত ভেকচিন গ্ৰহণ নকৰা যিকোনো বিষয়া বা কৰ্মচাৰীক জুন মাহৰ দৰমহা প্ৰদান কৰা নহ’ব। জনজাতীয় উন্নয়ন বিভাগে (Tribal Development Department) এই নিৰ্দেশনা জাৰি কৰিছে।
টীকাকৰণৰ বাবে অদ্ভূত নিৰ্দেশনা
দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, কৰ্মচাৰীসকলে জিলা কালেক্টৰেটত ৰেকৰ্ডৰ বাবে ক’ভিড টিকাকৰণ কাৰ্ডৰ (Covid Vaccination Card) এটা প্ৰতিলিপি দাখিল কৰিব লাগিব, ইয়াৰ পিছতে তেওঁলোকক দৰমহা দিয়া হ’ব।
জুন মাহৰ দৰমহা ৰখোৱাই দিয়া হ’ব
জনজাতীয় উন্নয়ন বিভাগৰ সহকাৰী আয়ুক্ত কে এছ মাছৰামে ক’লে যে, যিসকলে ভেকচিন গ্ৰহণ কৰা নাই, তেওঁলোকৰ জুন মাহৰ দৰমহা ৰখাই থোৱা হ’ব। ইয়াৰ বাবে কৰ্মচাৰীসকল নিজেই দায়বদ্ধ হ’ব। এই নিৰ্দেশনা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে।
নিৰ্দেশনাৰ পক্ষত দিয়া হৈছে আৱেদন
তেওঁ লগতে কয় যে, সকলোৱে এই নিৰ্দেশনাৰ ফলাফলৰ বিষয়ে চিন্তা কৰা উচিত। প্ৰায় ৯০ শতাংশ কৰ্মচাৰীয়ে ইতিমধ্যে ভেকচিন গ্ৰহণ কৰিছে। আমাৰ উদ্দেশ্য চৰকাৰী কৰ্মচাৰীসকলক হাৰাশাস্তি কৰা বা তেওঁলোকৰ দৰমহা ৰখাই থোৱা নহয়, পৰিৱৰ্তে ১০০ শতাংশ টীকাকৰণ কৰোৱা।
Photo: Google