সম্প্ৰতি ৰাজ্যত তুংগত গো-গাহৰি বিতৰ্ক। বিধানসভাৰ মজিয়াত গো-গাহৰিৰ বিতৰ্কই একাংশ অসমবাসীৰ চকু কপাঁলত তুলিছে।
যোৱা বুধবাৰে অসম চৰকাৰে বিধান সভাৰ মজিয়াত অসম গো সুৰক্ষা বিধেয়ক,২০২১ উত্থাপন কৰাৰ পিছতেই ৰাজ্যজুৰি তোলপাৰ লাগিছিল। এই আইন অনুসৰি অসমৰ পৰা বাংলাদেশলৈ গৰুৰ অবৈধ সৰবৰাহৰ সন্দৰ্ভত কঠোৰ দৃষ্টি নিৱদ্ধ কৰা হ’ব।
ইয়াৰোপৰি গো মাংস ভক্ষণ নকৰা অঞ্চল তথা হিন্দু, শিখ, জৈন ধৰ্মাৱলম্বী লোক বাস কৰা এলেকাসমূহ, মন্দিৰ, সত্ৰ আৰু নামঘৰৰ পৰা ৫ কিঃমিঃ দূৰত্বৰ ব্যাসাৰ্দ্ধলৈ গৰু মাংস বিক্ৰী কৰিব নোৱাৰিব।
ঠিক তেনেদৰে মুছলমান সম্প্ৰদায়ৰ লোকসকল বাস কৰা এলেকাসমূহৰ পৰা ৫০০ মিটাৰ দূৰত্বলৈ কোনো লোকে গাহৰি মাংস বিক্ৰী কৰিব নোৱাৰিব। যিহেতু মুছলমান সম্প্ৰদায়ৰ লোকে গাহৰি মাসং ভক্ষণ নকৰে। এই দাবী উত্থাপন কৰিছিল কংগ্ৰেছী বিধায়ক আব্দুল খালেকে।
এই বিধেয়কখনে বজাৰত গৰু বিক্ৰীৰ সম্পৰ্কতো নীৰিক্ষণ কৰিব। এই বজাৰসমূহ তথা কমিটিৰ লোকসকলে গৰু বিক্ৰী আৰু আমদানিৰ ক্ষেত্ৰত এক নিৰ্ধাৰিত ৰূপত এখন উচিত ৰেকৰ্ড প্ৰস্তুত কৰিব লাগিব।
ইফালে ৰাজ্যত ধৰ্মৰ ভেদাভেদ পৰিহাৰ কৰি সকলো জাতি, ধৰ্মৰ লোক ভাতৃত্ববোধেৰে বসবাস কৰাৰ কথা উল্লেখ কৰাৰ পিছতেই চৰকাৰৰ এই বিধেয়কে ৰাজ্যবাসীৰ মাজত সাম্প্ৰতিক ভেদাভেদ সৃষ্টি কৰিছে। গো মাংস নিষিদ্ধকৰণৰ ঘোষণাৰ পিছতেই একাংশ লোকে গাহৰি মাংস নিষিদ্ধকৰণ কৰিবলৈ দাবী উত্থাপন কৰিছিল।
ইয়াৰ প্ৰত্যোত্তৰত বিজেপিয়ে কয় যে- হিন্দু আৰু মুছলমান কোনো ধৰ্মাৱলম্বী লোকৰ মানুহেই গাহৰিক পূজা নকৰে। প্ৰাচীন কালৰে পৰা হিন্দু ধৰ্মৰ লোকে গো মাতাক পূজা কৰি আহিছে। সেইবাবে গৰুক সুৰক্ষা প্ৰদান কৰাটো প্ৰতিগৰাকী ভাৰতীয়ৰ দায়িত্ব। গো মাংস আৰু গাহৰি মাংসৰ লগতো কোনো ধৰণৰ তুলনা কৰা নহ’ব। গাহৰি মাংসই কোনো ধৰ্মৰ লোকক আঘাত নিদিয়ে।
আনহাতে ৰাজ্যত সম্প্ৰতি ইমানবোৰ জ্বলন্ত সমস্যা থকাৰ পিছতো বিধানসভাৰ মজিয়াত এই বিধেয়কৰ প্ৰসংগই সচেতন ৰাজ্যবাসীক বাৰুকৈয়ে চিন্তাত পেলাইছে। মহানগৰৰ নিকটৱৰ্তী অঞ্চল চন্দ্ৰপুৰত গুৱাহাটী পৌৰ নিগমে ৱা ২৪ জুনৰ পৰা একেৰাহে আৱৰ্জনা পেলোৱা কাৰ্যই সমগ্ৰ অসমত প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। কিন্তু এই বিষয়সমূহ আওকান কৰি বিধানসভাৰ মজিয়াত এইসমূহ বিষয়ৰ সন্দৰ্ভত আলোচনা কৰাটো অত্যন্তই চিন্তনীয়।