• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজাদি কা অমৃত মহোৎসৱ উপলক্ষে আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেল ২০২২ৰ শুভাৰম্ভ

নিউজ ডেস্ক by নিউজ ডেস্ক
April 29, 2022
in সংবাদ, অসম
1 min read
0
আজাদি কা অমৃত মহোৎসৱ উপলক্ষে আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেল ২০২২ৰ শুভাৰম্ভ
Share on FacebookShare on Twitter

আজাদি কা অমৃত মহোৎসৱ উপলক্ষে উদযাপিত নৰ্থ-ইষ্ট ফেষ্টিভেল, ২০২২ৰ শুভাৰম্ভ কৰা হয়৷ ড’নাৰ মন্ত্ৰালয় আৰু উত্তৰ-পূৱ পৰিষদৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত নৰ্থ-ইষ্ট্ৰ ফেষ্টিভেল বৃহস্পতিবাৰে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত বন্তি প্ৰজ্বলনেৰে মুকলি কৰে। ইয়াৰ পূৰ্বে উদ্বোধনী অনুষ্ঠানৰ বিশিষ্ট ব্যক্তিসকলক ফুলৰ থোপা, বিহুৱান আৰু জাপিৰে সম্বৰ্ধনা জনোৱা হয়।

উদ্বোধক বিশ্বজিত দৈমাৰী প্ৰমুখ্যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ মঞ্চত উপবিষ্ট অন্যান্য বিশিষ্ট ব্যক্তিসকল আছিল ক্ৰমে উত্তৰ-পূৱ পৰিষদৰ সন্মানীয় সদস্য অঞ্জন কুমাৰ গগৈ, অতিৰিক্ত মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰ, উত্তৰ-পূৱ পৰিষদৰ পৰিকল্পনা উপদেষ্টা চি এইচ খাৰচিং, প্ৰধান সচিব অৰ্চনা বাৰ্মা, পৰিবহণ আয়ুক্ত আদিল খান, ক্ৰীড়া আৰু যুৱ কল্যাণৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী আৰু সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস। ফেষ্টিভেলৰ শুভাৰম্ভ কৰি অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে সমবেত সকলোকে স্বাধীনতাৰ ৭৫বছৰ পূৰ্ণ উপলক্ষে উদযাপিত আজাদি কা অমৃত মহোৎসৱৰ অভিনন্দন জনাই স্বাধীন ভাৰতৰ নাগৰিক হিচাপে আমি যেন প্ৰত্যেকেই ক্ৰীড়াকে ধৰি নিজস্ব দক্ষতাৰে দেশৰ মৰ্যাদা অটুট ৰাখিব পাৰো তাৰ প্ৰতি আহ্বান আনাই গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে৷ ইয়াৰ পিছতে বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা পৰ্যায়ক্ৰমে ৱাকথন, চাইক্ল’থন আৰু হাফ মাৰাথনৰ কাৰ্যসূচী মুকলি কৰা হয়।

অনুষ্ঠানত ক্ৰীড়া আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা বিভিন্ন অনুষ্ঠান পৰিবেশন কৰাৰ বিপৰীতে পৰিবহণ বিভাগৰ উদ্যোগত আৰু সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ তত্ত্বাৱধানত পথ সুৰক্ষাৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে কেইবাটাও ব্যতিক্ৰমী অনুষ্ঠান পৰিবেশন কৰা হয় ৷ বিভাগৰ দ্বাৰা “জিলিকাব লুইতৰে পাৰ” শীৰ্ষক সমবেত সঙ্গীত পৰিবেশন কৰাৰ পিছতে পথ সুৰক্ষাৰ সজাগতাৰ আধাৰত চন্দ্ৰশেখৰ দাসৰ পৰিচালনাত “শিহৰণ” শীৰ্ষক বাটৰ নাট আৰু মুকাভিনেতা মিনাংক ডেকাই মুকাভিনয় পৰিবেশন কৰে৷ ইফালে পৰিবহণ বিভাগৰ দ্বাৰা গঠিত বিহু হুচৰি দলে পথ সুৰক্ষাৰ সজাগতাক মূল বিষয় হিচাপে লৈ বিহু হুচৰি পৰিবেশন কৰে ৷

উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি উঠি ৰাজ্যৰ পৰিবহণ আয়ুক্ত আদিল খানে “সুৰাপান কৰি গাড়ী নচলাব” শীৰ্ষক প্লেকাৰ্ড প্ৰদৰ্শন কৰাৰ পিছত পৰিবহণ বিষয়া গৌতম দাসে অনুষ্ঠানত অংশগ্ৰহণকাৰী সকলৰ জড়িয়তে পথত মানি চলিবলগীয়া নীতি-নিৰ্দেশনা সম্বলিত প্লেকাৰ্ড ডাঙি ধৰি সৰ্বস্তৰৰ ৰাইজক সুৰক্ষিত যাতায়াতৰ বাবে সজাগতা অৱলম্বনৰ আহ্বান জনায়৷ ইফালে অনুষ্ঠানত বিভিন্ন বিভাগৰ দ্বাৰা বড়ো নৃত্য, জুমুৰ নৃত্য, হাজং নৃত্য, তীৱা-ৰাভা নৃত্য, মিচিং নৃত্য আদি পৰিবেশন কৰা হয় ৷

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

লংকাৰ কাকীত প্ৰয়াত প্ৰাক্তন আছুৰ নেতালৈ শ্ৰদ্ধাঞ্জলী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
লংকাৰ কাকীত প্ৰয়াত প্ৰাক্তন আছুৰ নেতালৈ শ্ৰদ্ধাঞ্জলী

লংকাৰ কাকীত প্ৰয়াত প্ৰাক্তন আছুৰ নেতালৈ শ্ৰদ্ধাঞ্জলী

দূৰ্ঘটনা! খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ

গণেশগুৰিৰ উৰণীয়া সেতুত পথ দুৰ্ঘটনা

জগন্নাথ বৰুৱা মহাবিদ্যালয়ত আছুৰ গুণ্ডাগিৰি!

জগন্নাথ বৰুৱা মহাবিদ্যালয়ত আছুৰ গুণ্ডাগিৰি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8