দেশত ক’ৰোনা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।
বৰ্দ্ধিত ক’ৰোনা সংক্ৰমণৰ বাবে উত্তৰ ৰে’লৱেই ৯ মে’ৰ পৰা বাতিল কৰে ২৯ খন ৰে’লৰ চলাচল।
অনিৰ্দিষ্ট কাললৈ এই ৰে’লসেৱা বাতিল কৰে উত্তৰ ৰে’লৱেই।
জানিব পৰা অনুসৰি ক’ৰোনা সংক্ৰমণৰ বাবে যাত্ৰীৰ সংখ্যা নিচেই কম হোৱাৰ বাবে বাতিল কৰা হৈছে ৰে’ল চলাচল।
বাতিল কৰা ৰে’ল সমূহ হৈছে ৮ খন শতাব্দী এক্সপ্ৰেছ,২ খন ৰাজধানী এক্সপ্ৰেছ,২খন দুৰন্ত এক্সপ্ৰেছ,১খন বন্দে ভাৰত এক্সপ্ৰেছ,ইত্যাদি।
পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰালৈকে এই ৰে’ল সমূহৰ চলাচল বন্ধ হৈ থাকিব।
ক’ৰোনাৰ পৰিস্থিতি সুস্থিৰ হোৱাৰ পিছতহে ৰে’ল চলাচলক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
Photo Credit : Google