ECIয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পৰা ৪৮ ঘণ্টালৈ নিষেধাজ্ঞা প্ৰদান কৰাৰ পিছতে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল যে,
মন্ত্ৰী হিমন্ত বিশ্বই উচ্চ ECIক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল।
কিন্তু মন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে এই স্পষ্টীকৰণ দিলে যে, তেওঁ ECIৰ জাননীক লৈ উচ্চ ন্যায়ালয়ত কোনোধৰণৰ প্ৰত্যাহ্বান জনোৱা নায়।
I have not challenged the order of the Election Commission of India before any Court of Law.
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) April 3, 2021
উল্লেখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পৰা ৪৮ ঘণ্টাৰ নিষেধাজ্ঞা ২৪ ঘণ্টা উঠাই লৈছে ECIয়ে।
আজি সন্ধিয়াৰ পৰা মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিব পাৰিব।
Photo Credit: Google