চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতা বিধায়ক অতুল বৰাৰ।আজি এখন সংবাদ মেল আয়োজন কৰি দিছপুৰৰ বিধায়কজনে কয় যে চন্দ্রপুৰ ঠাইখিনি পৰ্যটনৰ বাবে ভাল ঠাই। কিন্তু ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিলে চন্দ্ৰপুৰত পেলোৱা জাবৰবোৰ গৈ কলং নদীত পৰিব, তাৰ পৰা ব্রহ্মপুত্রত পৰিব।ইয়াৰ সলনি জাৱৰবোৰ ফাঁচিবজাৰত পেলাই দিয়াৰ আহ্বান জনায় বিধায়কগৰাকীয়ে।
তেওঁ কয় যে ডাম্পিং গ্রাউণ্ড দ’ ঠাইত হ’ব লাগে। তেওঁ প্ৰকৃতি প্ৰেমীসকলৰ নীৰৱতাকো সমালোচনা কৰে।তেওঁ কয় যে সমগ্ৰ ঘটনা সন্দৰ্ভত তেওঁ মুখ্যমন্ত্রীৰ লগত কথা পাতিব পাৰিব, কিন্তু তাতকৈ বেছি একো কৰিব নোৱাৰে।শাসকীয় দলৰ বিধায়ক হিচাপে নিজৰ এইক্ষেত্ৰত থকা সীমাবদ্ধতাৰ কথাও দোহাৰে বিধায়ক গৰাকীয়ে।